নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াত সুৰাপান কৰি গাঁওপ্ৰধানৰ উদ্ভণ্ডালি

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বামুণটাৰী চ’কত যোৱানিশা সুৰাপান কৰি এজন চৰকাৰী গাঁওপ্ৰধানে কৰা উদ্ভণ্ডালিক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সাওৰাচৰা গাঁওৰ গাঁওপ্ৰধান আব্দুল হাইৰ লগতে আন এজন গুণ্ডাই গুৰুলা গুৰুলকৈ মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে সাওৰাচৰা গাঁৱৰ মোবাৰক আলী নামৰ এজন যুৱকক। উল্লেখযোগ্য যে চিকণী গাঁও পঞ্চায়তৰ অন্তৰ্গত সাওৰাচৰা গাঁৱৰ গাঁওপ্ৰধান আব্দুল হাই-এ নিজৰ বাহনেৰে শুকুৰবাৰে নিশা উক্ত গাঁৱৰে মোবাৰক আলী নামৰ এজন যুৱকক লগত লৈ ফুৰিবলৈ যায় যদিও হঠাৎ মাজনিশা ওভতাৰ পথত কলগাছিয়াৰ বামুণটাৰী চ’কত নিজৰ বাহন ৰখাই গাঁওপ্ৰধান আব্দুল হাই-এ মদৰ নিচাত মাতাল হৈ মোবাৰক আলীৰ সৈতে প্ৰথমে কথাৰ কটাকটি হয়। তাৰ পিছত দুয়োজনৰ প্ৰচণ্ড মাৰপিট হয় যদিও মাৰপিটত সংগ দিয়ে গাঁওপ্ৰধান আব্দুল হাইৰ লগত অহা আন এজন ভেৰোণীয়া গুণ্ডাই। উক্ত মাৰপিটত গুৰুতৰভাৱে আহত হয় মোবাৰক আলী নামৰ যুৱকজন। পিছমুহূৰ্তত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ তিনিওকে থানালৈ লৈ যায়। বৰ্তমান গাঁওপ্ৰধান আব্দুল হাইৰ লগতে আনজন আক্ৰমণকাৰী কলগাছিয়া আৰক্ষী থানাৰ আলহী। উল্লেখ্য যে এইজন গাঁওপ্ৰধানে ইতিপূৰ্বে বিভিন্ন সময়ত দুৰ্নীতি সংঘটিত কৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। প্ৰশ্ন হয়- এজন চৰকাৰী গাঁওপ্ৰধান হৈ সুৰাপান কৰি ৰাজপথত মাৰপিট কৰা কিমান যুক্তিসংগত। এতিয়া প্ৰশাসনে এইজন গাঁওপ্ৰধানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া সময়ত হ’ব লক্ষণীয়।
প্ৰেৰক মফিদুল ইছলাম
You might also like