নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিত সদৌ অসম প্ৰাগজ্যোতি একাংক নাট প্ৰতিযোগিতা

🔹 প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান মঙলদৈৰ জেংৰাই অসমলৈ

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : অন্যতম স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত ২ নৱেম্বৰত স্থানীয় নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত ক্লাবৰ প্ৰাক্তন সভাপতি তথা নাট্যকৰ্মী, বিশিষ্ট যুৱ সমজকৰ্মী প্ৰয়াত মণ্টু কুমাৰ শৰ্মা সোঁৱৰণী সপ্তম সদৌ অসম প্ৰাগজ্যোতি একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।প্ৰতিযোগিতাখনৰ এইবেলিৰ নাট্য সন্ধিয়াটি পাটাছাৰকুছিৰ সন্তান বিশিষ্ট নাট্যকৰ্মী তথা মুক্তিযোদ্ধা প্ৰয়াত ৰজনীকান্ত শৰ্মাৰ নামত উৎসৰ্গিত কৰা হয়। গোলাঘাট, কলিয়াবৰ, মঙলদৈ, গুৱাহাটী, নলবাৰী, পাটাছাৰকুছি আদি ঠাইকে ধৰি অসমৰ ১১টা আগশাৰীৰ নাট্যদলে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাখনত মঙলদৈৰ জেংৰাই অসমে প্ৰথম শ্ৰেষ্ঠ দল (নাট : ছন পৰা বৃন্দাবন), গুৱাহাটীৰ নাট্যমে দ্বিতীয় শ্ৰেষ্ঠ দল (নাট : ও২), নলবাৰীৰ প্রজন্মই তৃতীয় শ্ৰেষ্ঠ দল (নাট : গোন্ধ), মঙলদৈৰ বৃন্দাবন নাট্য দলে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল, মঙলদৈৰ জেংৰাই অসমৰ হিমাংশু শৰ্মাই প্ৰথম শ্ৰেষ্ঠ অভিনেতা, গুৱাহাটীৰ নাট্যমৰ কংকন তালুকদাৰে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা, কলিয়াবৰৰ শিল্প চ’ৰাৰ ভবেন চন্দ্ৰ বৈশ্যই তৃতীয় শ্ৰেষ্ঠ অভিনেতা, গোলাঘাটৰ কুশীলব সাংস্কৃতিক গোষ্ঠীৰ অন্তৰা হাজৰিকাই প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰী, মঙলদৈৰ জেংৰাই অসমৰ অৰ্চনা বৰুৱাই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী, গুৱাহাটীৰ সৃষ্টি কলাকৃষ্টি কেন্দ্ৰৰ অদিষ্ণা ৰাজবংশীয়ে তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰী, নলবাৰীৰ প্রজন্মৰ দিগন্ত ভৰালীয়ে শ্ৰেষ্ঠ কৌতুক অভিনেতা, গুৱাহাটীৰ সৃষ্টি কলাকৃষ্টি কেন্দ্ৰৰ ধৃতি কাকতিয়ে শ্ৰেষ্ঠ শিশুশিল্পী, গুৱাহাটীৰ নাট্যমৰ প্ৰণৱ ভাৰালীয়ে শ্ৰেষ্ঠ নাট্যকাৰ (নাট : ও২) আৰু মঙলদৈৰ জেংৰাই অসমৰ বিশ্বজিত ডেকাই শ্ৰেষ্ঠ পৰিচালক (নাট : ছন পৰা বৃন্দাবন)ৰ বঁটা লাভ কৰে। প্ৰতিযোগিতাখনত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক তথা গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক নৰেন পাটগিৰি, বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাস আৰু বিশিষ্ট অভিনেতা তথা নাট পৰিচালক দ্বীপজ্যোতি কাকতিয়ে। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সহযোগী বিচাৰক হিচাপে অংশগ্ৰহণ কৰে শৈলজানন্দ গোস্বামীয়ে। নাট্যশিল্পী তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হেমেন দাসে আবেলি ৬ বজাত আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখন উদ্বোধন কৰে। অনুষ্ঠানত নটৰাজৰ মূৰ্তিৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে নিৰ্মল হালৈ মহাবিদ্যাল়য়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই। প্ৰয়াত মণ্টু কুমাৰ শৰ্মাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে প্ৰয়াত শৰ্মাৰ সহধৰ্মিণী প্ৰমীলা দেৱীয়ে, প্ৰয়াত ৰজনীকান্ত শৰ্মাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে প্ৰয়াত শৰ্মাৰ পুত্ৰ হৰিহৰ শৰ্মাই আৰু প্ৰতিযোগিতাৰ বিভিন্ন সোঁৱৰণী বঁটাসমূহৰ ব্যক্তিৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে ক্লাবৰ সভাপতি ৰফিকুল হক, সম্পাদক ৰাজীৱ কুমাৰ শৰ্মা, নাট পৰিচালনা সমিতিৰ সভাপতি সঞ্জয় শৰ্মা, সম্পাদক সতীশ ডেকা আৰু বিভিন্ন সোঁৱৰণী বঁটাৰ দাতাসকলে। ক্লাবৰ শীৰ্ষক সংগীত পৰিৱেশনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে নিতুল শৰ্মা আৰু আমিনুল হকে। নিশাই অনুষ্ঠিত তথা নিতুল শৰ্মাই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতিযোগিতাৰ বিজয়ীসকলে বঁটাসহ মানপত্ৰৰ লগতে প্ৰথম শ্ৰেষ্ঠ দলে তুনো আলী সোঁৱৰণী ২০,০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ দলে অখিল চন্দ্ৰ গোস্বামী সোঁৱৰণী ১৫,০০০ টকা, তৃতীয় শ্ৰেষ্ঠ দলে গোপীকান্ত শৰ্মা সোঁৱৰণী ১০,০০০ টকা, শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলে মংগল শ্বাহ সোঁৱৰণী ৩০০০ টকা, প্ৰথম শ্ৰেষ্ঠ অভিনেতাই অক্ষয় কুমাৰ গোস্বামী সোঁৱৰণী ৪০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাই নৰেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী ৩,০০০ টকা, তৃতীয় শ্ৰেষ্ঠ অভিনেতাই সুৰেন্দ্ৰ নাথ দাস সোঁৱৰণী ২,০০০ টকা, প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰীয়ে গিৰিজা দেৱী সোঁৱৰণী ৪,০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীয়ে দীনেশ চক্ৰৱৰ্তী সোঁৱৰণী ৩,০০০ টকা, তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰীয়ে বাপুৰাম ৰাজবংশী সোঁৱৰণী ২০০০ টকা, শ্ৰেষ্ঠ কৌতুক অভিনেতাই কৃষ্ণকান্ত দেৱ শৰ্মা আৰু বিমলাপ্ৰিয়া দেৱী সোঁৱৰণী ৩,০০০ টকা, শ্ৰেষ্ঠ শিশুশিল্পীয়ে মহিধৰ দাস আৰু হৰেশ্বৰী দাস সোঁৱৰণী ৩,০০০ টকা, শ্ৰেষ্ঠ নাট্যকাৰে নৰেন শৰ্মা সোঁৱৰণী ৩,০০০ টকা আৰু শ্ৰেষ্ঠ পৰিচালকে ৰজনীকান্ত শৰ্মা সোঁৱৰণী ৩,০০০ টকা লাভ কৰে।

প্ৰেৰক উৎপল মেধি

You might also like