নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ “মই নগাঁৱৰ সন্তান যদিও আজি একমাত্ৰ নাট্য নগৰী পাঠশালাৰ বাবেহে ৰাইজৰ মাজত ভবেশ বৰুৱা হিচাপে পৰিচিত৷ এক কথাত কব পাৰি যে পাঠশালা নহলে আজিৰ ভবেশ বৰুৱা নহলহেতেন৷” এই মন্তব্য বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাৰ৷ উল্লেখ্য যে অসমৰ সৰ্বোত্কৃষ্ট গণ মাধ্যম ভ্ৰাম্যমাণ থিয়েটাৰক এক সু উচ্চ আসন আৰু মৰ্যাদা প্ৰদান কৰা প্ৰঠিতযশা চিত্ৰ নিৰ্মাতা, নাট্যকাৰ, পৰিচালক, সাহিত্যিক ড০ ভবেন্দ্র নাথ শইকীয়াৰ স্মৃতিত ২০০৮-০৯ বৰ্ষৰ পৰা আৱাহন থিয়েটাৰে প্ৰদান কৰি অহা ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা এই বৰ্ষৰ বাবে প্ৰদান কৰা হয় বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাক৷ কালি সন্ধিয়া পাঠশালাৰ ভগৱতী ক্ষেত্ৰত আৱাহন থিয়েটাৰৰ চলিত নাট্যবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠাৰ লগত সংগতি ৰাখি বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাক অংগবস্ত্ৰ, মানপত্ৰ, স্মাৰক আৰু নগদ ধনেৰে সন্মানীয় বঁটাটো প্ৰদান কৰে ক্ৰমে আৱাহন থিয়েটাৰৰ প্রতিষ্ঠাতা প্রযোজক কৃষ্ণ ৰয় আৰু অভিনেত্রী তথা প্ৰযোজক প্ৰস্তুতি পৰাশৰে৷ সন্মানীয় ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা গ্ৰহণ কৰি যশস্যী অভিনেতা ভৱেশ বৰুৱাই উক্ত মন্তব্য কৰি কয়, “মোৰ অভিনয় জীৱনত চৰকাৰী-বেচৰকাৰী বহু বঁটা পাইছো৷ কিন্তু এইটো মোৰ জীৱনৰ শ্ৰেষ্ঠ বঁটা৷ আনহাতে মোক ভৱেশ বৰুৱা কৰাত সহায় কৰি আগবঢ়াই নিয়া লোকজন হ’ল নাট্যযোদ্বা কৃষ্ণ ৰয়৷” বিশিষ্ট নিৱন্ধকাৰ পুলু কুমাৰ শৰ্মাই আঁত ধৰা আৰু প্ৰস্তুতি পৰাশৰে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে৷ পাঠশালাৰ ভগৱতী ক্ষেত্ৰত তিনিখন নাটেৰে যাত্ৰা আৰম্ভ কৰা অনুষ্ঠানত ৪৩সংখ্যক নাট্য যাত্ৰা আনুস্থানিকভাৱে উদ্বোধন কৰে কৰে বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মাই। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট নিৱন্ধকাৰদ্বয় গোপাল জালান আৰু পুলু কুমাৰ শৰ্মাই সম্পাদনা কৰা আৱাহন থিয়েটাৰৰ মুখপত্ৰ “ৰঙ্গবেদীকা” উন্মোচন কৰি বিশিষ্ট সাংবাদিক, সাহিত্যিক অচ্যুত কুমাৰ পাটোৱাৰীয়ে এখন স্মৃতিগ্ৰন্থই সময়ক ধৰি ৰাখে, ইতিহাসক ধৰি ৰাখে বুলি মন্তব্য কৰি কয় “ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি মানুহৰ কিমান আগ্রহ-প্রেম আছে তাক আজি পাঠশালাৰ জনসমাগমেই প্ৰমাণ কৰিছে। কৰোণাৰ পিচত সাংস্কৃতিক ক্ষেত্ৰখন জীপাল কৰি তোলাটো কঠিন আছিল, কিন্তু কৃষ্ণ ৰয়ৰ আশিস, পৰামৰ্শত আৱাহনৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰে তেওঁৰ বুদ্ধিমত্তা, প্রতিভা, পৰিশ্ৰমেৰে সেই কাঠিন্য অতিক্ৰম কৰিছে।’ ৰাজ্যৰ আহ্বায়ক সমিতিসমূহৰ কষ্ট-তৎপৰতা তথা অসমবাসীৰ শুভেচ্ছা থকালৈকে ভ্রাম্যমাণ থিয়েটাৰৰ জয়যাত্রা অব্যাহত থাকিব বুলিও পাটোৱাৰীয়ে ভাষণত উল্লেখ কৰে পাটোৱাৰীয়ে৷ অনুষ্ঠানত ড৹ শইকীয়াৰ সহধৰ্মিনী প্ৰীতি শইকীয়া, বিশিষ্ট সাহিত্যিক ৰবেন্দ্ৰ কুমাৰ দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ, পাঠশালা পৌৰসভাৰ পৌৰপতি জলী চৌধুৰী, বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈ, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দেৱ, সমন্বিতে কেইবাগৰাকীও শিল্পী তথা বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে ২০০৮-০৯ বৰ্ষৰ পৰা আৱাহন থিয়েটাৰে ক্রমগতভাবে ভ্রাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰ, আদ্য শৰ্মা, অনুপমা ভট্টাচাৰ্য, ৰত্ন ওজা, পদ্মশ্রী যতীন গোস্বামী, আব্দুল মজিদ আৰু প্ৰভাত শৰ্মা, নুরুদ্দিন আহমেদ, মুনীন বৰুৱা, হেমন্ত দত্ত আদিক ইয়াৰ পূৰ্বে ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা প্ৰদান কৰিছে।
প্ৰেৰকঃ কল্যাণ কলিতা