নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ  সমগ্ৰ ৰাজ্যৰ লগতে আজি ধুবুৰীতো মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে তেওঁলোকৰ চাৰি দফীয়া এক দাৱী পূৰণৰ দাৱীৰে প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ণ কৰে। সেই অনুসৰি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰীস্থ ৰেল আস্থানৰ সমীপৰ পৰা এক বিশাল প্ৰতিবাদী সমদলেৰে স্থানীয় জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈ যাত্ৰা কৰে যদিও আদবাটতে সমদলটোক আগভেটি বাধা প্ৰদান কৰে আৰক্ষীয়ে। জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা সামান্য দূৰত্বত থকা ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ সমীপৰ ৰাজপথত বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। অন্তত সংগঠনটোৰ ধুবুৰী জিলা সমিতিৰ এটা সঁজাতি দলে জিলা উপায়ুক্তক সাক্ষাৎ কৰি তেওঁলোকৰ দাৱী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

You might also like