ৰাজ্য চৰকাৰৰ ৫০ বিভাগত খালী ১,০৭,১৪৯টা পদ
নিয়মীয়া বাৰ্তা, ১৪ জুলাই: ৰাজ্য চৰকাৰৰ ৫০টা বিভাগত বর্তমান ১,০৭,১৪৯টা পদ খালী হৈ আছে৷ এই বৃহৎসংখ্যক পদ ২০১৬ চনৰ পৰাই খালী হৈ আছে৷ মঙলবাৰে সদনত বিধায়ক দেৱব্রত শইকীয়াৰ এক লিখিত প্রশ্নৰ উত্তৰত সাধাৰণ প্রশাসন বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে সেই তথ্য সদৰী কৰে৷
মন্ত্রী দাসে উল্লেখ কৰা অনুসৰি শ্রমিক কল্যাণ বিভাগত ৫৪টা, পশুপালন আৰু পশু চিকিৎসা বিভাগত ২,১৫২টা, মীন বিভাগত ২৫৮টা, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত ২,১৩৭টা, সাধাৰণ প্রশাসন বিভাগত ৮৩০টা, লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় পথ) বিভাগত ১,৩০৮টা, ভূমি সংৰক্ষণ বিভাগত ৫২৬টা, ক্রীড়া বিভাগত ৭১২টা, শিক্ষা বিভাগত ৫০,৪৬৫টা, চাহ জনজাতি কল্যাণ বিভাগত ৬টা, মুখ্যমন্ত্রীৰ সচিবালয়ত ২টা, যোগান বিভাগত ৯৫টা, সংখ্যালঘু কল্যাণ বিভাগত ২০টা, চৰ অঞ্চল বিভাগত ২০টা, ৰাজহুৱা প্রতিষ্ঠান বিভাগত ২টা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগত ৬টা, তথ্য আৰু প্রযুক্তি বিভাগত ৯টা, সচিবালয় প্রশাসন বিভাগত ৭১৯টা, পার্ছনেল বিভাগত ১৪৪টা, তথ্য আৰু জনসংযোগ বিভাগত ১০৭টা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগত ৩৪৮টা, পৰিবহণ বিভাগত ১,০০১টা, বন বিভাগত ২,৯১৮টা, আবকাৰী বিভাগত ৪৫৯টা, কৃষি বিভাগত ৯৬২টা, পর্যটন বিভাগত ১৪৪টা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ৫২২টা, স্বাস্থ্য বিভাগত ৯,৩৫৩টা, পেন্সন আৰু ৰাজহুৱা বিভাগত ২টা, নগৰ উন্নয়ন বিভাগত ১৯১টা, জনস্বাস্থ্য কাৰিকৰী বিভাগত ১,০০৫টা, বিজ্ঞান আৰু প্রযুক্তি বিভাগত ১১টা, প্রিণ্টিং আৰু ষ্টেচনাৰী বিভাগত ৬৮টা, সাংস্কৃতিক পৰিক্রমা বিভাগত ৫৬১টা, ন্যায়িক বিভাগত ৬৭৮টা, বিত্ত বিভাগত ৯৫২টা, সীমান্ত অঞ্চল উন্নয়ন বিভাগত ২,২৫৩টা, বিধায়িনী বিভাগত ২৯টা, গুৱাহাটী উন্নয়ন বিভাগত ১,০৯২টা, উদ্যোগ বিভাগত ৫২৩টা, প্রশাসনীয় সংস্কাৰ আৰু প্রশিক্ষণ বিভাগত ৫০টা, সমাজ কল্যাণ বিভাগত ৬৬৬টা, সমবায় বিভাগত ৩৭১টা, হস্ততাঁত–বস্ত্রশিল্ বিভাগত ৯৮৮টা, শক্তি বিভাগত ৪৮টা, দক্ষতা বিকাশ বিভাগত ৮৭৬টা, খনি আৰু খনিজ সম্পদ বিভাগত ২১টা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগত ১,১৩৯টা আৰু গৃহ বিভাগত ২০,২৪৮টা পদ খালী হৈ আছে৷