নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ক’ৰ্টত পৰি আছে ৫.৬৫ লাখ গোচৰ

📌 চলিত বর্ষৰ ৩০ নৱেম্বৰ পর্যন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৬৪,২১৫টা–জিলা–নিম্ন আদালতসমূহত চূড়ান্ত ৰায় নোহোৱাকৈ আছে ৫,০১,১৪৮টা গোচৰ

📌 ছুপ্রিম ক’ৰ্টৰ পৰা ছাব’র্ডিনেট ক’ৰ্টলৈ সমগ্র দেশত ফাইলতে আবদ্ধ ৫.১৫ কোটি কেছ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ ডিচেম্বৰঃ আধুনিক প্রযুক্তিবিদ্যা–ডিজিটেল যুগতো দেশৰ ন্যায় ব্যৱস্থাত ক্ষিপ্রতৰ হৈ উঠা নাই বিচাৰ প্রক্রিয়া৷ বৰঞ্চ নিষ্পত্তিহীন গোচৰৰ ভৰত উচ্চতম ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি নিম্ন আদালতসমূহ কার্যতঃ ভাৰাক্রান্ত হৈ পৰিছে৷ ‘ন্যায়মূর্তি’ৰ দুৱাৰত ন্যায়প্রাপ্তিৰ বাবে বছৰৰ পিছত বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হৈছে নাগৰিকে৷ নেচনেল জুডিচিয়েল ডাটা গ্রিডৰ তথ্য অনুসৰি চলিত বর্ষৰ ৩০ নৱেম্বৰ পর্যন্ত উচ্চতম ন্যায়ালয়ৰ লগতে উচ্চ ন্যায়ালয়, জিলা আৰু নিম্ন আদালতসমূহত মুঠ ৫,১৫,২৫,৯৫৮টা গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে৷ অন্যান্য ৰাজ্যৰ দৰে অসমতো এক বৃহৎসংখ্যক গোচৰৰ চূড়ান্ত ৰায়দান হোৱা নাই৷ গুৱাহাটী উচ্চ ন্যায়ালয়সহ ৰাজ্যখনৰ আদালতসমূহত বিচাৰাধীন অৱস্থাতে পৰি থকা গোচৰৰ সংখ্যা হৈছে ৫,৬৫,৩৬৩টা৷ এইক্ষেত্রত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৬৪,২১৫টা গোচৰ পৰি থকাৰ বিপৰীতে জিলা আৰু নিম্ন আদালতসমূহত নিষ্পত্তি নোহোৱাকৈ আছে ৫,০১,১৪৮টা গোচৰ৷ পূর্বে উল্লেখ কৰি অহা হৈছে যে উচ্চতম ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি একেবাৰে নিম্ন আদালতলৈ বৃহৎসংখ্যক গোচৰ নিষ্পত্তিহীন অৱস্থাতে আছে৷ ইয়াৰে বিশদ তথ্য অনুসৰি উচ্চতম ন্যায়ালয়ত ৮২,১৭১টা উচ্চ ন্যায়ালয়সমূহত ৫৭,৮২,৭৮৬টা জিলা আৰু নিম্ন আদালতসমূহত নিষ্পত্তিহীন গোচৰৰ সংখ্যা হ’ল ৪,৫৬,৬১,০০১টা৷ উচ্চ ন্যায়ালয়ৰ ক্ষেত্রত এলাহাবাদ হাইক’টত সর্বাধিক ৮,৩৭,০৮৬টা গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে৷ এইক্ষেত্রত ৬,৫৬,৮৪০টা গোচৰেৰে দ্বিতীয় স্থানত আছে হাইক’ট অৱ ৰাজস্থান৷ সেইদৰে তৃতীয় স্থানত থকা ব’ম্বে হাইক’টত ৬,৫০,৬৮৮টা গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে৷ উত্তৰ প্রদেশৰ জিলা আৰু নিম্ন আদালতসমূহত সর্বাধিকসংখ্যক ১,১৫,৯৫,৭২০টা গোচৰ পৰি আছে নিষ্পত্তি নোহোৱাকৈ৷ দ্বিতীয় স্থানত থকা ৰাজ্যখন হ’ল মহাৰাষ্ট্র৷ ৰাজ্যখনৰ জিলা আৰু নিম্ন আদালতসমূহত ৫৪,৪৭,৭৯২টা গোচৰ নিষ্পত্তি নোহোৱাকৈ থকাৰ বিপৰীতে এইক্ষেত্রত ৩৬,১০,৪৮৩টা গোচৰৰে তৃতীয় স্থানত আছে বিহাৰ৷ চর্চা অনুসৰি এনেদৰে বৃহৎসংখ্যক গোচৰ নিষ্পত্তি নোহোৱাকৈ থকাৰ মূলতে আদালতসমূহত প্রয়োজনীয় আন্তঃগাঁথনি আৰু বিচাৰক তথা সংশ্লিষ্ট বিষয়া–কর্মচাৰীৰ অভাৱ৷ অৱশ্যে কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা এনেধৰণৰ বিষয় সমাধানৰ পদক্ষেপ গ্রহণ কৰা বুলি সময়ে সময়ে প্রকাশ কৰি অহা হৈছে৷ শেহতীয়াকৈ এই সন্দর্ভত কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে সময় নির্ধাৰিতভাৱে বিচাৰাধীন গোচৰৰ নিষ্পত্তি কৰাটো ন্যায়পালিকাৰ কর্তৃত্বাধীন৷ তথাপি গোচৰৰ দ্রুত নিষ্পত্তিৰ বাবে এটা পৰিৱেশতন্ত্রৰ সুবিধা দিয়াত চৰকাৰ প্রতিশ্রুতিবদ্ধ৷ তদুপৰি সংবিধানৰ ২১নং অনুচ্ছেদৰ অধীনত নিষ্পত্তিহীন গোচৰৰ সংখ্যা হ্রাস কৰাটো বাধ্যতামূলক৷ ইয়াৰ বাবেই চৰকাৰে ২০২১ চনত নেচনেল মিছন ফৰ জাষ্টিচ ডেলিভাৰী এণ্ড লিগেল ৰিফর্মছ গঠন কৰিছিল৷ ইয়াৰ দুটা লক্ষ্য হ’ল– বিলম্ব পৰিহাৰ কৰা আৰু কাঠামোগত পৰিৱর্তনৰ জৰিয়তে জবাবদিহিতা তথা কার্যক্ষমতা বৃদ্ধি কৰা৷ কিন্তু এনেধৰণৰ পদক্ষেপ লোৱাৰ পাছতো বৃহৎসংখ্যক গোচৰ নিষ্পত্তিহীন হৈ থকাত ন্যায় ব্যৱস্থাটোৰ প্রতি বিশ্বাসক লৈ স্বাভাৱিকতে জনসাধাৰণৰ মাজত প্রশ্ন উদয় হৈছে৷

You might also like