নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বাক্সা জিলাৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰৰ সমীপৰ গড়আলি ভোলানাথ শ্ৰীশ্ৰী শিৱ মন্দিৰত ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱৰাত্ৰি পূজা মহোৎসৱৰ ব্যাপক আয়োজন চলিছে । ২৬ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ উদযাপনৰ আয়োজন কৰা পূজা মহোৎসৱ পৰিচালনাৰ বাবে ইতিমধ্যে ঘনশ্যাম কলিতাক সভাপতি আৰু যোগেশ তালুকদাৰক সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে । এইবেলি পূজাৰ কাৰ্যসূচী অনুসৰি, ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন কৰিব জ্যেষ্ঠ ব্যক্তি ক্ষীতিশ কলিতাই । ৬.১০ বজাত মন্দিৰৰ বন্তি প্রজ্বলন কৰিব যতীন তালুকদাৰে । পুৱা ৬.২০ বজাত বেলগছৰ দ্বাৰ উন্মোচন কৰিব দামোদৰ দাসে । পুৱা ৬.৩০ বজাত কৈলাসৰ দ্বাৰ উন্মোচন কৰিব গণেশ তালুকদাৰে । পুৱা ৬.৪০ বজাত ত্ৰিশূলৰ দ্বাৰ উন্মোচন কৰিব অজিৎ চন্দ্ৰ ডেকাই । পুৱা ৬.৫০ বজাত গছপুলি ৰোপাণ কৰিব সন্তোৰাম কলিতা, পবেন তালুকদাৰ, হৰিনাৰায়ণ তালুকদাৰ, ভুবনেশ্বৰ কলিতা, ভগৱান দাস, বীৰেন দাস, বিনয় তালুকদাৰ, ফণী দাস, নৃপেন কলিতাই । পুৱা ৭.৩০ বজাত পূজা-অৰ্চনা আৰম্ভ । দিনৰ ১২ বজাত ভাগৱত পাঠ কৰিব মহাদেৱ কলিতা আৰু কিৰণ তালুকদাৰে । সন্ধিয়া ৮ বজাত স্থানীয় আয়তীসকলৰ দ্বাৰা নাম-প্ৰসংগ আৰু নাগাৰা নাম প্ৰদৰ্শন । নিশা ২ বজাত প্ৰসাদ বিতৰণ । ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ভক্তবৃন্দৰ দ্বাৰা পূজা-অর্চনা । আবেলি ২ বজাত ঢুলীয়া প্রদর্শন । সন্ধিয়া ৭.৩০ বজাত মঞ্চ উদ্বোধন কৰিব শালবাৰী জিলা বিপিএফৰ সম্পাদক দিগন্ত গয়াৰীয়ে । সন্ধিয়া ৭.৪০ বজাত আমন্ত্ৰিত নৃত্যদলৰ দ্বাৰা নৃত্য পৰিৱেশন । নিশা ১০ বজাত কৌতুক পৰিৱেশন । ২৮ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ভক্তবৃন্দৰ দ্বাৰা পূজা-অর্চনা । পুৱা ১০ বজাত ভাগৱত পাঠ । আবেলি ২ বজাত ঢুলীয়া পৰিৱেশন । সন্ধিয়া ৭.৩০ বজাত মঞ্চ উদ্বোধন কৰিব শালবাৰী টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মছাহাৰীয়ে । সন্ধিয়া ৭.৩০ বজাত একক নৃত্য প্রতিযোগিতা । নৃত্য প্ৰতিযোগিতাত প্রথম পুৰস্কাৰ ৫০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৩০০১ টকা প্ৰদান কৰা হ’ব । ১ মাৰ্চৰ পুৱা ৬ বজাৰ পৰা ভক্তবৃন্দৰ দ্বাৰা পূজা-অর্চনা । পুৱা ১০ বজাত ভাগৱতীৰ দ্বাৰা ভাগৱত পাঠ । আবেলি ২ বজাত ঢুলীয়া প্রদর্শন । সন্ধিয়া ৬.৩০ বজাত সাংস্কৃতিক সন্ধিয়াৰ বন্তি প্রজ্বলন কৰিব সদৌ অসম সত্র মহাসভাৰ সম্পাদক অপূর্ব অধিকাৰীয়ে । সন্ধিয়া ৭.২০ বজাত মঞ্চ উদ্বোধন কৰিব ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে । সন্ধিয়া ৭.৩০ বজাত স্থানীয় শিল্পীৰ দ্বাৰা গীত-মাত, নৃত্য আদি প্রদর্শন । নিশা ১০ বজাত সাংস্কৃতিক সন্ধিয়াত বিশেষ আকর্ষণ হিচাপে গীত পৰিৱেশন কৰিব শিল্পী মহেন্দ্ৰ হাজৰিকাই । ২ মার্চৰ পুৱা ৬ বজাত ভক্তবৃন্দৰ দ্বাৰা পূজা-অর্চনা, পুৱা ১০ বজাত আমন্ত্ৰিত আয়তীৰ দ্বাৰা নাম পৰিৱেশন । সন্ধিয়া ৭.৩০ বজাত সম্বৰ্ধনা অনুষ্ঠান আৰু বঁটা বিতৰণী সভা । নিশা ৯ বজাত মঞ্চ উদ্বোধন কৰিব শালবাৰী সমষ্টিৰ পাৰিষদ জয় মছাহাৰীয়ে । নিশা ১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া । সাংস্কৃতিক সন্ধিয়াত গীতৰ শৰাই আগবঢ়াব দেৱাশংকৰ আৰু প্রিয়াই । পূজা মহোৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে উদযাপন সমিতিয়ে ।
প্ৰেৰক লৱ কুমাৰ দাস