নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল: ঢকুৱাখনাত বিধায়কৰ তৎপৰতা। ঢকুৱাখনা সমষ্টিত একেদিনাই বিধায়ক নৱ কুমাৰ দলেয়ে আজি মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনি আৰু মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত ২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৯ টাকৈ পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে।লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ সহিতে বিধায়ক দলেই আজি পুৱাই প্ৰথমে সমষ্টিটোৰ পূব ঢকুৱাখনা পঞ্চায়তত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত পঞ্চায়টোৰ যোগীসূঁতি নেপালীৰ পৰা টুৰিবাৰী সংযোগী ২’৮৫ কিলোমিটাৰ অংশ পকী নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে।ইয়াৰ পিছতে খেৰকতা পঞ্চায়তৰ ব্ৰহ্মপুত্ৰ কলেজ তিনিআলিৰ পৰা উজনি ধূনাগুৰি সংযোগী ২.৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকীপথ নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন কৰে।তেনেদৰে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত খজুৱা তিনিআলিৰ পৰা বেবেজীয়া চাৰিআলিলৈ ৯.৮১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী পথ নিৰ্মাণ, মৌখোৱাৰ পৰা লেচেৰা সংযোগী ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মান, কঠালগুৰিৰ পৰা গৰুখুটি গাঁও সংযোগী ২.৭০ কিলোমিটাৰ পথ নিৰ্মান, জালভাৰীৰ পৰা বকুলবাৰীলৈ সংযোগী লোকনিৰ্মান পথৰ ৫০০ মিটাৰ অংশ পকী নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ।ইয়াৰোপৰি সমষ্টিটোৰ চাকুলিৰ পৰা বাসুদেৱ সংযোগী ১.৭০ কিলোমিটাৰ পথ নিৰ্মান,দৰ্গে গাঁও তিনিআলিৰ পৰা কলিগাঁও তিনিআলি লৈ ২.৩২ কিলোমিটাৰ পথ নিৰ্মান আৰু ,জি জি পথৰ ২১ কিলোমিটাৰৰ অংশৰ পৰা দীঘলীলৈ ৯০০ মিটাৰ পথ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে।এই গুৰুত্বপূৰ্ণ আঁচনি সমূহৰ আধাৰশিলা স্থাপন কৰি ৰখা বক্তব্যত বিধায়ক গৰাকীয়ে উপস্থিত ৰাইজক চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ সম্পৰ্কে সকলোকে অৱগত কৰাৰ লগতে আগন্তুক দিনসমূহত তেওঁ সমষ্টিটোৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন পৰিকল্পনা সম্পৰ্কে অৱগত কৰে।ঢকুৱাখনা সমষ্টিৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাই একমাত্ৰ মোৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰি বিধায়ক নৱ দলেয়ে এইসমূহ আঁচনিৰ কামত যাতে কোনো দুৰ্নীতি -অনিয়ম সংঘটিত নহয়,তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক সতৰ্ক কৰি দিয়াৰ লগতে ৰাইজক কামসমূহৰ ওপৰত চোকা নজৰ ৰাখিবলৈ আহ্বান জনায়। ৰাইজ সজাগ থাকিলেহে চৰকাৰী আঁচনিৰ কাম সঠিকভাৱে হয় বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে।আজিৰ এইএই পকী পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই, বিজেপিৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰদীপ চমুৱা, ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি সুনীল দলে,লোকনিৰ্মাণ বিভাগৰ বিষয়া-অভিযন্তাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে।
প্ৰেৰক পুলকজ্যোতি বৰা