🔹 অভিযোগৰ আঙুলি খোদ কংগ্ৰেছৰ ধুবুৰী জিলা সভাপতিৰ বিৰুদ্ধে
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১০ এপ্ৰিল : যোগ্যজনক বঞ্চিত কৰি ধনৰ বিনিময়ত আনক পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছৰ দলীয় টিকট প্ৰদান কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে ধুবুৰীত। আনকি ধন প্ৰদান কৰা সত্ত্বেও দলীয় টিকট নোপোৱা বুলি খোদ দলটোৰ জিলা সভাপতি আবেদুৰ জামান জুৱেলৰ বিৰূদ্ধে উত্থাপিত এক অভিযোগে এতিয়া তীব্ৰ জোকোৰণিৰ সৃষ্টি কৰিছে ধুবুৰী জিলা কংগ্ৰেছৰ ভিতৰচ’ৰাত। ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গাছপাৰা জিলা পৰিষদৰ কংগ্ৰেছৰ টিকট-বঞ্চিত প্ৰাৰ্থী ৰশিদূল ইছলাম নামৰ কংগ্ৰেছ কৰ্মী এগৰাকীয়ে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ। ইছলামৰ দাবী- জিলা সভাপতি জামানক বিগত ১ বছৰে ডিজিটেল প্লেটফৰ্ম ফোন-পেযোগে ৫ লাখ টকা প্ৰদান কৰিছিল যদিও সময়ত গৈ তেওঁক বঞ্চিত কৰি অধিক ধনৰ বিনিময়ত আনক দিয়া হৈছে দলীয় টিকট। কেৱল ইছলামেই নহয়; আনকি কংগ্ৰেছৰ ধুবুৰী জিলা সেৱা দলৰ সভাপতি হেলিম জামানেও ধনৰ বিনিময়ত দলীয় টিকট প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে। জামানৰ দাবী- কালিৰ দলীয় বৈঠকত গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাণবাৰী-ৰাংগামাটি জিলা পৰিষদ সদস্য পদৰ দলীয় প্ৰাৰ্থিত্ব তেওঁক দিয়া হ’ব বুলি আশ্বস্ত কৰাৰ উপৰি যোৱা নিশা ২ মান বজাতো কংগ্ৰেছৰ ধুবুৰী জিলাৰ সভাপতি আবেদুৰ জামান জুৱেলে মোবাইল ফোনযোগে অনুৰূপ আশ্বাস বাণী প্ৰদান কৰিছিল। কিন্তু সময়ত গৈ ধনৰ বিনিময়ত পাণবাৰী-ৰাংগামাটি জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী ৰূপে আনক দলীয় টিকট প্ৰদান কৰা হোৱা বুলি অভিযোগ জিলাখনৰ সেৱা দলৰ সভাপতিগৰাকীৰ। অৱশ্যে, কোনে ধনৰ বিনিময়ত আনক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, সেয়া স্পষ্ট ৰূপে উচ্চাৰিত নকৰিলেও টিকট প্ৰদানৰ বিনিময়ত ১০ লাখ টকাৰ লেনেদেন হোৱাৰ বিস্ফোৰক দাবী তেওঁৰ। আনকি মাথোঁ ২ মাহ মান পূৰ্বে এআইইউডিএফৰ পৰা কংগ্ৰেছলৈ অহা ব্যক্তি এগৰাকীক কিহৰ ভিত্তিত তেওঁৰ দৰে পুৰণি কংগ্ৰেছ কৰ্মী এগৰাকীক বঞ্চিত কৰি দলীয় টিকট প্ৰদান কৰিলে, সেই প্ৰশ্নও উত্থাপিত কৰিছে হেলিম জামানে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট প্ৰদান কৰাক কেন্দ্ৰ কৰি খেলিমেলি হোৱাৰ এনে ধৰণৰ অভিযোগ-প্ৰতিঅভিযোগক লৈ দলটোৰ একাংশ তৃণমূল কৰ্মীকে ধৰি জিলা কংগ্ৰেছৰ ভিতৰচ’ৰাত উমি উমি ক্ষোভৰ জুই জ্বলিবলৈ লোৱা বুলিও জানিব পৰা গৈছে। অৱশ্যে, বৰ্তমানলৈ ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান জুৱেলকে ধৰি ধুবুৰী জিলা কংগ্ৰেছ কমিটীয়ে উত্থাপিত অভিযোগক লৈ কোনোধৰণৰ প্ৰতিক্ৰিয়া অথবা বিবৃতি প্ৰদান কৰা নাই।