নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত জলসিঞ্চন আঁচনিৰ নামত লক্ষ লক্ষ টকা শৰাধ

🔹 বছৰ বছৰ ধৰি অচল ২০খনকৈ গভীৰ নলীনাদ আঁচনি
🔹 ঘৰতে বহিয়েই দৰমহা ভোগ বহু কৰ্মচাৰীৰ
বিশেষ বার্তা,  ১৭ ছেপ্টেম্বৰ : কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে দেশৰ কৃষিভিত্তিক অৰ্থনীতি টনকিয়াল কৰি দেশৰ কৃষকসকলৰ অৰ্থনৈতিক বুনিয়াদ সচ্ছল কৰি তোলাৰ বাবে কোটিটকীয়া আঁচনি ৰূপায়ণ কৰিলেও দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ কৃষি ক্ষেত্ৰত উন্নয়ন আজিও পুতৌজনক। এই আঁচনিসমূহেৰে ৰাজ্যৰ প্ৰকৃত কৃষকৰ কৃষিক্ষেত্ৰৰ উন্নয়ন হোৱাৰ বিপৰীতে একাংশ ৰাজনৈতিক নেতা-পালিনেতা তথা দালালৰহে উন্নয়ন সাধন হয়। ফলত ৰাজ্যখনৰ পয়ালগা কৃষিক্ষেত্ৰৰ কোনো আশাপ্ৰদ পৰিৱৰ্তন পৰিলক্ষিত নহ’ল। এই ক্ষেত্ৰত বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত আশীৰ দশকতে অগপ চৰকাৰে স্থাপন কৰা বিভিন্ন জলসিঞ্চন আঁচনিৰ দুৰৱস্থা প্ৰত্যক্ষ কৰিলেই অনুমান কৰিব পাৰি তথাকথিত  কৃষিখণ্ডৰ উন্নয়নৰ ছবি। অসম চৰকাৰে কৃষিখণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰিবলৈ পৰিকল্পনা যুগুত কৰি থকাৰ বিপৰীতে কৃষকে খৰাংসদৃশ পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ জলসিঞ্চনৰ সুবিধা নথকাত পৰ্যাপ্ত কৃষি উৎপাদন কৰিব পৰা নাই। চৰকাৰী জলসিঞ্চন আঁচনিসমূহত নিয়োজিত কৰ্মচাৰীসকলে ঘৰতে বহি কোনো কাম নকৰাকৈ সুদীৰ্ঘ দিনে দৰমহা ভোগ কৰি এক আৰামদায়ক আঁচনিত পৰিণত কৰিছে জলসিঞ্চন বিভাগক। ১৯৮৬-৮৭ চনতে স্থাপন কৰা জলসিঞ্চন আঁচনিসমূহ মেৰামতিৰ অভাৱত বছৰ বছৰ ধৰি অচল  হৈ আছে। কেইখনমান আঁচনি উন্নীতকৰণৰ নামত লক্ষ লক্ষ টকা ব্যয় কৰা হ’ল যদিও কৃষকসকলে সেই আঁচনিসমূহৰ জৰিয়তে এটোপাল পানী নোপোৱাৰ বিপৰীতে বিষয়া-ঠিকাদাৰৰহে পকেট গৰম হ’ল। জানিব পৰা মতে, লখিমপুৰ জিলাৰ জলসিঞ্চন বিভাগৰ দুটা সংমণ্ডলৰ অধীনত সৰু-বৰ প্ৰায় ৩০খন গভীৰ নলীনাদ আঁচনি আছে যদিও ইয়াৰে ২০খনৰো অধিক আঁচনিয়েই সুদীৰ্ঘ বছৰে বিকল হৈ থকাত জিলাখনৰ পাঁচ শতাংশ কৃষকো চৰকাৰী জলসিঞ্চন আঁচনিৰ জৰিয়তে উপকৃত হ’ব পৰা নাই। বৰঞ্চ প্ৰকৃতিৰ দয়াৰ ওপৰতে আজিও নিৰ্ভৰশীল হৈ আছে। উল্লেখযোগ্য যে লখিমপুৰ জিলাৰ মুঠ কৃষি উপযোগী ১ লাখ ৭৮ হাজাৰ ৩০৩ হেক্টৰ কৃষিভূমিৰ বিপৰীতে ৯৭,১,৮৬ হেক্টৰ ভূমিত বছৰত মাত্ৰ এটা খেতিহে কৰা হয়। বছৰত ৮১,১১৭ হেক্টৰ ভূমিত দুটাতকৈ  অধিক কৃষিকাৰ্য কৰাৰ বিপৰীতে ৪৩৩৩ হেক্টৰ ভূমি পতিত হৈ আছে। ৩৭,৯৭১ হেক্টৰ ভূমি কৃষিৰ অনুপযোগী। পতিত ভূমি বাদ দি ১০,১০১ হেক্টৰ ভূমিত একো খেতি কৰা নহয়। জিলাখনৰ কৃষকসকলে পথাৰত জলসিঞ্চনৰ সুবিধা নথকাৰ বাবেই কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী নোহোৱাটো দেখা পোৱা গৈছে। চৰকাৰী জলসিঞ্চন আঁচনিসমূহৰ কাৰিকৰী বিজুতি, বৈদ্যুতিক শাখাৰ হেমাহিৰ বাবেই আঁচনিসমূহ পৰিত্যক্ত হৈ ৰৈছে। চৰকাৰী সংশ্লিষ্ট বিভাগৰ হেমাহি, কৰ্মণ্যতাৰ ফলত কোটি কোটি টকাৰ মূল্যৱান ৰাজহুৱা সম্পত্তি জহি-খহি গৈছে। জলসিঞ্চন আঁচনিসমূহৰ ভিতৰত ফুলবাৰী পথাৰ পানী যোগান আঁচনিৰ ছটা পইণ্ট বিকল হৈ থকাৰ বিপৰীতে কুটুবপুৰ, যুৱনগৰ আৰু আহমেদপুৰ পানী যোগান আঁচনি বিকল হৈ আছে। বাধাকৰা আঁচনিখনৰ চাৰিওটা পইণ্ট বিকল, নলকটা আঁচনিখনো সম্পূৰ্ণ বিকল হৈ থকাটো প্ৰাপ্ত তথ্যত প্ৰকাশ। ঢেকীয়াজুলি বিষ্ণুপুৰ, নাওবৈচাৰ কলাখোৱা, মেৰচুক, কোৱাদঙা, কাছজুলি আদি স্থানত থকা জলসিঞ্চন আঁচনিসমূহৰ পৰা কৃষকে পথাৰত এটুপিও পানী যোগান পোৱা নাই। ইফালে, বিহপুৰীয়া উপ-সংমণ্ডলৰ অধীনস্থ জলসিঞ্চন আঁচনিসমূহৰ অৱস্থাও একেই। কিন্তু আঁচনিসমূহৰ পানী যোগান ধৰিব নোৱাৰিলেও আঁচনিসমূহলৈ ধনৰ যোগান নিয়মীয়াকৈ আহি আছে। যোৱা ৩৬টা বছৰে চৰকাৰ-প্ৰশাসনৰ চূড়ান্ত হেমাহি, জলসিঞ্চন বিভাগৰ গভীৰ নিদ্ৰাৰ বিপৰীতে বৰ্তমানৰ চৰকাৰখনে এই ক্ষেত্ৰত  কি পদক্ষেপ লয়, সেয়া  লক্ষণীয় হ’ব। 

প্ৰেৰক নিতুল বৰা
You might also like