নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানেৰী চাহ বাগিচাত অমৃত বৃক্ষ আন্দোলন

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে দেওবাৰে পানেৰী চাহ বাগিচাতো গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয় । দুটা দিনত বাগিচাখনৰ বিভিন্ন এলেকাত এক হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য লৈছে বাগিচা কৰ্তৃপক্ষই।  দেওবাৰে পুৱাৰ ভাগত বাগিচাখনৰ পৰিচালক দেৱজ্যোতি বৰুৱাই আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সমষ্টিৰ অন্তৰ্গত পানেৰী চাহ বাগিচাত গ্ৰহণ কৰা এই অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীত ৰোদন যায়, ভানু পাল, ডক্টৰ মধুস্মিতা বড়োকে ধৰি অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ -ছাত্ৰীসকল উপস্থিত থাকে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like