নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেইবা কোটি মাটিৰ চাকিৰে সাজু আশাৰীকান্দিৰ মৃৎশিল্পী

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : অসম বা উত্তৰ-পূৰ্বাঞ্চলেই নহয়, সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে দীপাৱলীত মাটিৰ চাকিৰে উজলাবলৈ সাজু হৈছে ধুবুৰী জিলাৰ এখন গাঁৱৰ মৃৎশিল্পীসকল। যোৱাবাৰৰ দীপাৱলীত ৫ কোটি মাটিৰ চাকি বিক্ৰী কৰাৰ পিছত এইবেলি ১৫ কোটি চাকি বিক্ৰীৰ লক্ষ্য বান্ধি লৈছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ টেৰাকোটা গাঁওখ্যাত আশাৰীকান্দিৰ মৃৎশিল্পীসকলে। কালীপূজা আৰু দীপাৱলীলৈ মাজত মাথোঁ কেইটিমান দিন বাকী থকাৰ প্ৰাকমুহূৰ্তত নিজৰ লক্ষ্যত উপনীত হ’বলৈ গাঁওখনৰ মৃৎশিল্পীসকল বৰ্তমান দিনে–নিশাই ব্যস্ত মাটিৰ চাকি নিৰ্মাণত। ইতিমধ্যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যলৈ আশাৰীকান্দিৰ পৰা প্ৰায় ডেৰ কোটি চাকি পঠিওৱা হোৱা বুলি জানিব পৰা গৈছে। কেৱল এয়াই নহয় ! এইবাৰ দীপাৱলীত আশাৰীকান্দিৰ মৃৎশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মাটিৰ চাকি উজলিব দেশৰ আন কেইবাখনো ৰাজ্যত। চুবুৰীয়া পশ্চিমবংগই কেৱল নহয়; সুদূৰ দিল্লী, গুজৰাট আদিকে ধৰি আন কেইবাখনো ৰাজ্যলৈ ইতিমধ্যে পঠিওৱা হৈছে আশাৰীকান্দীৰ মাটিৰ চাকি। এইবাৰ দীপাৱলীত আশাৰীকান্দিৰ মাটিৰ চাকিয়ে আনুমানিক ১০ কোটি টকা মানৰ ব্যৱসায় কৰিব পাৰিব বুলিও আশা কৰা হৈছে। উল্লেখ্য যে আশাৰীকান্দি গাঁৱৰ শতাধিক পাল পৰিয়ালে বংশানুক্ৰমিকভাৱে জড়িত হৈ আছে টেৰাকোটা আৰু মৃৎশিল্পৰ সৈতে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like