নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ প্রান্তে প্রান্তে ৰাস মহোৎসৱৰ প্ৰস্তুতি

🔹 মঞ্চ কঁপাবলৈ সাজু বালি গাঁৱৰ এদল মহিলা

নিয়মীয়া বাৰ্তা,  ২৩ নৱেম্বৰ : সমাগত ৰাস মহোৎসৱক লৈ উখল-মাখল অসমৰ চৌদিশ। ৰাস পূৰ্ণিমালৈ মাজত মাথোঁ কেইটামান দিন বাকী। শ্ৰীকৃষ্ণৰ ভক্তি প্ৰবাহত বিলীন হব ৰাজ্যবাসী। শৰৎ কালৰ পূৰ্ণিমা জোনাক ৰাতি কৃষ্ণৰ সুমধুৰ বাঁহীৰ সুৰত মতলীয়া হ’ব সকলো। শৰতৰ স্নিগ্ধতা সামৰি ৰাজ্যৰ চৌদিশে এতিয়া ৰাসৰ আখৰা। আখৰাৰ ধ্বনিত মুখৰিত হৈ পৰিছে আকাশ-বতাহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ঢকুৱাখনাতো পূৰ্ণ উদ্যমেৰে চলিছে ৰাসৰ প্ৰস্তুতি। খোল-তাল বাঁহীৰ সুৰৰ লগতে ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ঢকুৱাখনা মহকুমাৰ ২০খনৰো অধিক ৰাসমঞ্চ আৰু সত্ৰ। গোপ-গোপীসকল যিদৰে নৃত্যৰ আখৰাত ব্যস্ত, একেদৰেই অভিনয় শিল্পীসকলো ব্যস্ত কংস বধৰ আখৰাত। কোনোৱে যদি লৈছে কৃষ্ণৰ ভাও, আন কোনোৱে লৈছে ৰাধা, শংখচূড়, যশোদাৰ ভাও ৷ দিন-ৰাতি একাকাৰ কৰি সকলো ব্যস্ত এতিয়া ৰাসৰ আখৰাত ৷ খোল, তাল, বাঁহীৰ সুৰৰ ছন্দত কণ কণ শিশু, যুৱক-যুৱতীসকলে নাচি-বাগি বৃন্দাবনৰ পৰিৱেশ সৃষ্টি কৰিছে গাঁৱৰ ৰংগমঞ্চত। গাঁৱৰ প্ৰতিজন ডেকাই এতিয়া অত্যাধুনিক কাৰিকৰী কলা-কৌশলেৰে দৰ্শকক আকৰ্ষণ কৰিবলৈ জোৰদাৰ চেষ্টা অব্যাহত ৰাখিছে। আনফালে ভাস্কৰ্য শিল্পীসকলো ব্যস্ত ৰাস উদযাপনৰ বাবে প্ৰয়োজনীয় মূৰ্তি, ভাস্কৰ্য প্ৰস্তুত কৰাত ৷ বিশাল আকাৰৰ অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, পুতনা ৰাক্ষসী, পলম্বাসুৰ, চক্ৰবাক আদি অসুৰৰ মুখা প্ৰস্তুতত ব্যস্ত হৈ পৰিছে মুখাশিল্পী-ভাস্কৰ্যশিল্পীসকল। ঢকুৱাখনা বালি গাঁও ৰাস উংসৱ উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষটো অহা ২৭, ২৮ আৰু ২৯ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ৰাস মহোৎসৱৰ। বালি গাঁও যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱ এইবাৰ কিছু ব্যতিক্ৰম। ২৮ নৱেম্বৰত সম্পূৰ্ণ মহিলাৰ দ্বাৰা মঞ্চস্থ কৰা হ’ব এই ৰাসলীলা। যাৰ বাবে দিনে-নিশাই ঘৰুৱা কাম-কাজ এৰি ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে যুৱতী-মহিলা। কংসৰ অট্টহাস্য আৰু দৈৱকীৰ হিয়া ভগা কান্দোনে টোপনি হৰণ কৰিছে জীয়ৰী-বোৱাৰীৰ। তেনেদৰে পৰম্পৰা আৰু ঐতিহ্য অক্ষুণ্ণ ৰাখি শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আয়োজনৰ বাবে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে শ্ৰীশ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ আৰু ঘিলামৰাৰ গোপালপুৰ সত্ৰই। ২৭ আৰু ২৮ নৱেম্বৰত দুদিনীয়াকৈ গোবিন্দপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ২০খন গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হব ৰাস মহোৎসৱ। একেদৰে ঘাঁহী গাঁৱৰ ভাস্কৰ নাট্য মন্দিৰ, ধেনুষণা, সোণাৰি চাপৰি আঞ্চলিক ৰাস সমিতি, ঘিলামৰা আঞ্চলিক ৰাস সমিতি, সাপতীয়া আঞ্চলিক উদযাপন সমিতি, জালভাৰী ৰাস মহোৎসৱ, ভাটি অয়েঙীয়া কৃষ্টি কেন্দ্ৰ আদিত পূৰ্ণোদ্যমে চলিছে ৰাসৰ প্ৰস্তুতি। মুঠতে ঢকুৱাখনাৰ প্রান্তে প্রান্তে চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। অক, বক, কেশী, পুতনা, কংসক বধিবলৈ সাজু হৈ উঠিছে ঢকুৱাখনাৰ শিল্পী সমাজ। বাঁহীৰ মধুৰ গুঞ্জনেৰে মুখৰিত ঢকুৱাখনাৰ আকাশ-বতাহ ৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like