নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভেকচিনৰে হূদৰোগত মৃত্যুৰ সম্পর্ক নাই

🔹 আইচিএমআৰৰ প্রতিবেদনত ঘোষণা

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ  : ক’ৰোনাৰ ভেকচিন লোৱাৰ সৈতে হূদৰোগত আক্রান্ত হৈ মৃত্যুৰ কোনো সম্পর্ক নাই বুলি ঘোষণা কৰিলে ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিছার্চ (আইচিএমআৰ)–এ৷ উল্লেখনীয় যে ক’ভিড ভেকচিন লোৱা বহু লোক হূদৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰিছিল৷ ইয়াৰ অধিকসংখ্যকেই আছিল কম বয়সীয়া লোক৷ ক’ৰোনাৰ ভেকচিন লোৱাৰ বাবে তেওঁলোকৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছিল বিভিন্ন মহলত৷ ইয়াৰ অন্তৰালত কোনো সত্যতা আছে নে নাই, তাক পৰীক্ষা কৰিবলৈ আই চি এম আৰক দায়িত্ব দিছিল কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ৷ ২০২১ চনৰ ১ অক্টোবৰৰ পৰা ২০২৩ চনৰ ৩১ মার্চলৈ দেশৰ ৩৯খন হাস্পতালত ক’ৰোনা সংক্রমণৰ বাবে ভর্তি হোৱা লোকৰ তথ্য বিশ্লেষণ কৰি আই চি এম আৰ-এ এক প্রতিবেদনত স্পষ্ট কৰিছে যে ক’ৰোনা ভেকচিনৰ সৈতে হূদৰোগত আক্রান্ত হোৱাৰ কোনো প্রত্যক্ষ সম্পর্ক নাই৷

You might also like