নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঠাই বিলাই আনন্দ–উল্লাস ৰাজ্যৰ মুছলমান মহিলা সমাজৰ

🔹 মুছলিম বিবাহ–বিচ্ছেদ আইন খাৰিজৰ কেবিনেটৰ সিদ্ধান্তক লৈ উৎফুল্লিত

বিশেষ বাৰ্তা, ২৫ ফেব্রুৱাৰী : ৰাজ্যিক কেবিনেটে পৰহি মুছলিম বিবাহ–বিচ্ছেদ আইন খাৰিজ কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে মিশ্রিত প্রতিক্রিয়া৷ প্রায় ৯০ বছৰীয়া আইনখন বাতিলৰ জৰিয়তে কেবিনেটে মুছলিম বিবাহ–বিচ্ছেদৰ দায়িত্ব জিলা আয়ুক্তক অর্পণ কৰিছে৷ কেবিনেটৰ এই সিদ্ধান্তক লৈ উৎফুল্লিত হৈ পৰিছে মুছলমান মহিলা সমাজ৷ সিদ্ধান্তটোক আদৰণি জনাই মুছলমান মহিলাসকলে এইবুলি উৎসাহ প্রকাশ কৰে যে এতিয়াৰে পৰা প্রতিগৰাকী মুছলমান মহিলা–নাৰী আইনগতভাৱে সুৰক্ষিত হ’ব৷ মহিলাসকলে লগতে অভিযোগ কৰে যে একাংশ কাজিয়ে ধনৰ বিনিময়ত ছোৱালীৰ বিয়াৰ বয়স বঢ়াই দি বাল্য বিবাহত উচটনি যোগাই আহিছে৷ সেয়াই নহয়, বহু কাজিয়ে পত্নীয়ে নজনাকৈ বিবাহ বিচ্ছেদো কৰাই দিয়ে৷ এই সিদ্ধান্তই নাৰী নির্যাতন বন্ধ কৰাৰ লগতে প্রতিগৰাকী মুছলমান মহিলাক সুৰক্ষিত কৰিব৷ উল্লেখ্য যে কেবিনেটে গ্রহণ কৰা এই সিদ্ধান্তৰ পিছত কালি নগাঁৱত অসম চৰকাৰৰ সিদ্ধান্তক মুকলিকৈ সমর্থন জনালে মুছলমান মহিলাসকলে৷ মিঠাই বিলাই চৰকাৰী সিদ্ধান্তক সমর্থন জনোৱাই নহয়, এই সিদ্ধান্তৰ ফলত মুছলমান মহিলা অধিক সুৰক্ষিত হ’ব বুলি উল্লেখ কৰাৰ লগতে এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো ধন্যবাদ জ্ঞাপন কৰে৷ ৰাজ্য চৰকাৰে উমৈহতীয়া দেৱানী বিধি প্রয়োগৰ প্রথম খোজ হিচাপে আইনখন খাৰিজ কৰাৰ ফলত নির্যাতনৰ সন্মুখীন হোৱা মহিলাসকলে ন্যায় লাভ কৰিব৷ একাংশ স্বামীয়ে মুছলমান পত্নীক যিধৰণে হাৰাশাস্তি আৰু মানসিক নির্যাতন চলাই আহিছে, এই আইনে এনেবোৰ নির্যাতন–হাৰাশাস্তি ৰোধ কৰিবলৈ সক্ষম হ’ব৷ ইফালে, মুছলমান বিবাহ বিচ্ছেদ–পঞ্জীয়ন আইন বাতিলক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে৷ সাংসদগৰাকীৰ মন্তব্য– বিজেপিয়ে মুছলমানবিৰোধী এনেধৰণৰ আইন অনাটো স্বাভাৱিক৷ দৰাচলতে এয়া ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত৷ আজমলে মুছলমান ধর্মগুৰুসকলক এই সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া নিদিবলৈও আহ্বান জনায়৷ বিজেপিয়ে বিষয়টো সন্দর্ভত উত্তেজনাৰ সৃষ্টি কৰি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিছে৷ নির্বাচনৰ পিছত এই সন্দর্ভত মাত মাতিব বুলিও আজমলে কালি উল্লেখ কৰে৷ আনহাতে, মুছলিম বিবাহ বিচ্ছেদ–পঞ্জীয়ন বাতিল সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰে জমিয়ত উলেমা হিন্দে৷ জমিয়তৰ সদস্য জুনেইড খালিদে কয় যে বিবাহকার্য মুছলমান সমাজৰ বাবে এটা ধর্মীয় অনুষ্ঠান৷ এই অনুষ্ঠানক বন্ধ কৰি দৰাচলতে চৰকাৰে আমাৰ মৌলিক অধিকাৰ খর্ব কৰিছে৷ সংবিধানে আমাক বিভিন্ন ধৰণে সুৰক্ষিত কৰি আহিছে৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্তই আমাৰ অধিকাৰ খর্ব কৰাই নহয়, কোনোধৰণৰ আলোচনা নোহোৱাকৈ চৰকাৰে আমাৰ ধর্মীয় পৰম্পৰাকো খর্ব কৰিছে৷ আইনখনত বাল্য বিব্যহৰ যি এটা ধাৰা আছিল, সেই ধাৰা চৰকাৰে খাৰিজ কৰিব পাৰিলেহেঁতেন৷ ইতিমধ্যে বাল্য বিবাহ নিষিদ্ধ কৰি চৰকাৰে এই ধাৰাক নিষ্ক্রিয় কৰিছে৷ তেনেক্ষেত্রত আইনখন বাতিল কৰি আমাৰ অধিকাৰ চূড়ান্তভাৱে খর্ব কৰা হৈছে৷ আনহাতে, জমিয়ত উলেমা অসমৰ অতিৰিক্ত সাধাৰণ সম্পাদক আব্দুল কাদেৰে কয় যে মুছলমান বিবাহ বিচ্ছেদ–পঞ্জীয়ন আইন ৰাজ্যিক কেবিনেটে খাৰিজ কৰাৰ আইনগত অধিকাৰ আছে নে নাই, সেয়া পর্যালোচনাৰ প্রায়োজন আছে৷ অচিৰেই আমি এই সন্দর্ভত আইনৰ ওচৰলৈ যাম৷ ইফালে, চৰকাৰী কাজিসকলক ২ লাখ টকাৰ সাহায্যৰে তেওঁলোকক সম্পূর্ণৰূপে নিষ্ক্রিয় কৰাৰ সিদ্ধান্ত গ্রহণযোগ্য নহয় বুলিও আব্দুল কাদেৰে মন্তব্য কৰে৷ তেওঁ কয়– চৰকাৰী কাজি নোহোৱা হ’লে একাংশ স্বয়ম্ভু কাজিয়ে বাল্য বিবাহ সম্পন্ন কৰিব৷ সমাজত চৰকাৰী কাজি নাথাকিলে স্বয়ম্ভু কাজিয়ে বিভিন্ন ধৰণে মুছলমান লোকক প্রলোভিত কৰাৰ চেষ্টা চলাব৷ সেয়াই নহয়, কেন্দ্রীয় চৰকাৰে ইতিমধ্যে তিনি তালাক নিষিদ্ধ কৰি আইন প্রণয়ন কৰিছে৷ অসম চৰকাৰে কেন্দ্রীয় চৰকাৰৰ উক্ত আইনখনক কেবিনেট সিদ্ধান্তৰ জৰিয়তে শুদ্ধ নহয় বুলি ক’ব বিচাৰিছে নেকি?

You might also like