নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত ফাৰ্মাচিষ্ট অবিহনে চলি আছে বহু ফাৰ্মাচী

🔹 বিভাগক ফাঁকি দি চলাইছে ঔষধৰ ৰমৰমীয়া ব্যৱসায়
বিশেষ বাৰ্তা, ২৭ মাৰ্চ : চৰকাৰে  ৰাজ্যৰ স্বাস্থ্যসেৱা অধিক উন্নত আৰু গতিশীল কৰাৰ লক্ষ্যৰে কোটি কোটি টকা ব্যয়সাপেক্ষে বিভিন্ন অভিলাষী আঁচনি প্ৰৱৰ্তন কৰাৰ সময়তে নলবাৰীৰ স্বাস্থ্যখণ্ডত চলি থকা কেতবোৰ ঘটনাই সচেতন মহলক হতচকিত কৰি তুলিছে। অভিযোগ অনুসৰি, জিলাখনত একাংশ ফাৰ্মাচীয়ে বিভাগটোক ফাঁকি দি চলাই গৈছে ঔষধৰ ৰমৰমীয়া ব্যৱসায়। এই ক্ষেত্রত ঔষধ পৰিদৰ্শক তথা নিয়ন্ত্ৰণ বিভাগৰ ৰহস্যজনক ভূমিকাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। আনহাতে, জনসাধাৰণৰ জীৱন-মৰণৰ সমস্যাক লৈ ব্যাপকভাৱে প্ৰচলিত ভেজাল ঔষধৰ বেহা নিয়ন্ত্ৰণত বিভাগটো একপ্ৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে। জিলাখনৰ বিশেষকৈ গ্ৰামাঞ্চলৰ ভিতৰুৱা ঠাইত স্থাপন হোৱা একাংশ ব্যক্তিগত লোকৰ  ফাৰ্মাচী-মেডিকোজৰ পঞ্জীয়নৰ সময়সীমা উকলি যোৱাৰ পিছত নবীকৰণ নকৰাকৈ বছৰ বছৰ ধৰি চলি থকাৰ অভিযোগ উঠিছে। চৰকাৰক পঞ্জীয়ন কৰ ফাঁকি দি সংশ্লিষ্ট ফাৰ্মাচী চলি থকাৰ পিছতো বিভাগীয়ভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰহস্যৰ সৃষ্টি হৈছে। ইপিনে, জিলাখনৰ বিশেষকৈ চহৰাঞ্চলত স্থাপিত একাংশ ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে ফাৰ্মাচিষ্ট নোহোৱাকৈ ঔষধৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উঠিছে। ইপিনে, বিভাগটোৰ এনে সৰলতাৰ সুযোগ লৈ ৰাজ্যত ব্যাপক হাৰত অবৈধ নিচাজাতীয় ঔষধ, ভেজাল ঔষধৰ পয়োভৰ হৈছে। একাংশ চৰ অঞ্চল, নৈপৰীয়া অঞ্চলৰ উপৰি গাঁও অঞ্চলৰ আৰ পি অনুজ্ঞা-পত্ৰ থকা একাংশ ফাৰ্মাচীয়ে নকল ঔষধ আৰু ম্যাদ উকলি যোৱা ঔষধ বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে। তাৎপৰ্যপূৰ্ণভাৱে জিলাখনত এচাম চতুৰ ফাৰ্মাচিষ্টে নিজৰ ফাৰ্মাচী শিক্ষাৰ অনুজ্ঞা তথা লাইচেন্স দুই-তিনিখন ফাৰ্মাচীত মাহিলি আঠৰ পৰা বাৰ-পোন্ধৰ হাজাৰ টকা পৰ্যন্ত ভাৰা দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নিয়ম মতে, চৰকাৰৰ অনুমোদন থকা শিক্ষানুষ্ঠানৰ পৰা ফাৰ্মাচী শিক্ষাত উত্তীৰ্ণ একোগৰাকী ফাৰ্মাচিষ্টে তেওঁৰ অনুজ্ঞা-পত্ৰ মাত্ৰ এখন ফাৰ্মাচীকহে প্ৰদান কৰাৰ ব্যৱস্থা আছে। তেনেস্থলত বেপৰোৱাভাৱে একাংশ ফাৰ্মাচিষ্টে নিজৰ লাইচেন্স ব্যৱহাৰ কৰিছে। এই বিষয়ে সংশ্লিষ্ট বিভাগে তদন্ত কৰিলে অনিয়ম ওলাই পৰিব বুলি সচেতন নাগৰিকে মন্তব্য কৰিছে। অকল এনে অনিয়মেই নহয়, দুই-একোগৰাকী চতুৰ চৰকাৰী চাকৰিপ্ৰাপ্ত ফাৰ্মাচিষ্টে নিজৰ লাইচেন্সখনো গোপনে ভাৰা দিয়াৰ অভিযোগ উঠিছে। ৰাজ্যৰ স্বাস্থ্যখণ্ডত সংঘটিত এনে অনিয়ম সন্দৰ্ভত অসম চৰকাৰে কেনে পদক্ষেপ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হিচাপে বিবেচিত হৈছে।

 

প্ৰেৰক অৰূপ বৰ্মন

You might also like