নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাচলি খেতিৰে জোনাইৰ এজন যুৱকৰ সেউজ বিপ্লৱ…

🔹 স্থানীয় বহু যুৱক-যুৱতীকো দিছে কৰ্মসংস্থাপন

নিয়মীয়া বাৰ্তা, ১৯ মে’ : যি সময়ত সংস্থাপনৰ বাবে ৰাজ্যৰ বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে জোনাই মহকুমাৰ অন্তৰ্গত ১নং ৰাজাখানা গাঁৱৰ চিতাৰাম ছেত্ৰী নামৰ এজন যুৱকে নিজা কেইবাবিঘা ভূমিত পাচলি খেতিৰে কৰিছে সেউজ বিপ্লৱৰ সূচনা ৷ চৰকাৰৰ পৰা কোনোধৰণৰ অনুদান নোলোৱাকৈ অতি সাহসিকতাৰে নিজা ঘৰৰ কাষতে থকা প্ৰায় ৫ বিঘা ভূমিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ইস্কচ, জিকা, ভাতকেৰেলা, ভেণ্ডি, দাংবডি, কোমোৰা, পাণ আদিৰ খেতি কৰি মাত্ৰ কেইটামান মাহৰ ভিতৰতে ভাল ফল লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে চিতাৰাম ছেত্ৰীয়ে৷ ইফালে, খেতিৰ জৰিয়তে চিতাৰাম ছেত্ৰীয়ে নিজে স্বাৱলম্বী হোৱাৰ উপৰি এই খেতিৰ জৰিয়তে কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে স্থানীয় বহু যুৱক-যুৱতীক৷ জানিব পৰা মতে, সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে চিতাৰাম ছেত্ৰীয়ে কৰা খেতিৰ পাচলি জোনাইৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰি অধিক লাভান্বিত হৈছে৷ সেয়ে এনে খেতিৰ জৰিয়তে চিতাৰামে ভাল ফল পোৱাত নতুন প্ৰজন্মকো কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ সময় নষ্ট নকৰি নিজৰ ঘৰতে কৃষিকৰ্মত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

প্ৰেৰক কৰবী দলে

You might also like