নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগমনিত স্কুলত গো-মাংস খোৱাৰ অভিযোগত উত্তাৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : ধুবুৰী জিলাৰ আগমনিৰ সত্ৰশাল উচ্চতৰ মাধ্যমিক বিদ্যাপীঠত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে। প্ৰৱেশদ্বাৰত ছাত্ৰ-ছাত্ৰীয়ে ধৰ্ণা দিয়াৰ লগতে টায়াৰ আৰু অধ্যক্ষৰ প্ৰতিকৃতি জ্বলাই প্ৰতিবাদেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে । উল্লেখ্য যে বিদ্যালয়খনত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল মিলাদ ই মেহফিল অনুষ্ঠান। মিলাদত প্ৰতিবছৰে সমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰে জা-জলপানৰ। কিন্তু এইবেলি হিন্দু ছাত্ৰ-ছাত্ৰীৰ বাবে পেকেট লাঞ্চৰ ব্যৱস্থা কৰাৰ বিপৰীতে মুছলমান ছাত্ৰ-ছাত্ৰীৰ বাবে বিৰিয়ানীৰ আয়োজন কৰা বুলি অভিযোগ উত্থাপন কৰে। প্ৰতিবছৰে বিদ্যালয়তে খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হয় যদিও ৰহস্যজনকভাৱে এইবাৰ এটা বিশেষ ঘৰতহে খাদ্য প্ৰস্তুত কৰে। উক্ত খাদ্য হিন্দু ছাত্ৰ-ছাত্ৰীক খাবলৈ মানা কৰা ঘটনাই সন্দেহ ঘনীভূত কৰে। হিন্দু ছাত্ৰ-ছাত্ৰীৰ অভিযোগ মতে গো-মাংস বিশেষ ঘৰটোত প্ৰস্তুত কৰি যোগান ধৰা হৈছিল। ইয়াত অধ্যক্ষ আয়ুব আলী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে। হিন্দু ছাত্ৰ-ছাত্ৰীসকলে ক্ষুব্ধ হৈ আজি প্ৰিন্সিপাল গো বেক, উই ৱাণ্ট জাষ্টিচ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰে। আনকি পথ অৱৰোধ কৰি টায়াৰ আৰু অধ্যক্ষৰ প্ৰতিকৃতি জ্বলাই প্ৰতিবাদ কৰে ছাত্ৰ ছাত্ৰীয়ে । অধ্যক্ষক গ্ৰেপ্তাৰৰ দাবীও তোলে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে ।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like