নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাসপ্তমীত দেৱী বন্দনাৰে মুখৰ ৰাজ্য

🔹 বজাৰ ভৰিছে জেলেপিৰে
বিশেষ বাৰ্তা, ২১ অক্টোবৰ : আজি মহাসপ্তমী৷ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো বিৰাজ কৰিছে পূজাৰ উখল–মাখল পৰিৱেশ৷ দেৱী বন্দনাৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ প্রতিটো পূজা মণ্ডপ৷ মহাসপ্তমীত পূজা মণ্ডপসমূহত অগণন ভক্তই ভিৰ কৰিছে৷ পুৱাৰে পৰা মণ্ডপত ভক্তৰ লানি নিছিগা শাৰী দেখিবলৈ পোৱা গৈছে৷ পূজাৰ সময়ত মহানগৰীৰ বজাৰ জিলেপিৰে ভৰি পৰিছে৷ ধর্মীয় পৰম্পৰা অনুসৰি দেৱী বন্দনাৰ লগতে পূজা মণ্ডপত ভিৰ কৰা লোকসকলে জেলেপিৰ সোৱাদ লৈছে৷ বিভিন্ন স্থানৰ পূজাস্থলীত ব্যৱসায়ীয়ে গ্রাহকক আকর্ষিত কৰিবলৈ বিভিন্ন প্রকাৰৰ জেলেপি প্রস্তুত কৰি বিক্রী কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে এইবেলি ব্যৱসায়ীসকলে ট্রবেৰী, আনাৰস আৰু অন্যান্য ফল-মূলৰ সুগন্ধিযুক্ত জেলেপি প্রস্তুত কৰিছে৷ প্রকাৰ অনুসৰি মহানগৰীৰ পূজাৰ বজাৰত ২০০ টকাৰ পৰা ৪০০ টকা পর্যন্ত প্রতি কিলোগ্রাম জেলেপি বিক্রী কৰিছে৷ বিক্রীৰ পৰিমাণ পূর্বৰ তুলনাত এইবেলি বৃদ্ধি পোৱা বুলি একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিছে৷

You might also like