নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ মিছামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে নাই শিক্ষক

🔹 প্ৰধান শিক্ষকসহ ৩গৰাকী শিক্ষকে চলাইছে পাঠদান

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰ : শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ অন্যতম মাধ্যমিক শিক্ষাৰ শিক্ষানুষ্ঠান উত্তৰ মিছামাৰী উচ্চ মাধ্যমিক বিদ্যালয় ৷ বিভিন্ন গাঁও, বস্তি আৰু ভাৰতীয় সেনা বাহিনীৰ ছাউনীৰে পৰিপূৰ্ণ অঞ্চলটোৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ গাতে লাগি থকা আৰু অৰুণাচলৰ পাদদেশীয় অঞ্চলত উত্তৰ মিছামাৰী উচ্চ মাধ্যমিক বিদ্যালয় অৱস্থিত ৷ ভাৰতীয় সেনাৰ মিছামাৰী ঘাটিৰ উত্তৰ প্ৰান্তৰ ৰাইজে তেওঁলোকৰ ল’ৰা-ছোৱালীক শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে ১৯৮৪ চনত উত্তৰ মিছামাৰী উচ্চ মাধ্যমিক বিদ্যালয়খন স্থাপন কৰে ৷ ৰাইজৰ দ্বাৰা স্থাপিত আৰু ২০১৩ চনত প্ৰাদেশীকৃত বিদ্যালয়খন আৰম্ভণিৰ পৰা ঠিকেই চলি আছিল যদিও সম্প্ৰতি শিক্ষক, কৰ্মচাৰীৰ অভাৱ ঘটাত বিদ্যালয়খনলৈ বিপদ ঘণ্টা নামি অহা পৰিলক্ষিত হৈছে ৷ বিদ্যালয়খনৰ পৰা এজন এজনকৈ শিক্ষক-শিক্ষয়িত্ৰীৰ অৱসৰ গ্ৰহণ, বদলি, কৰ্মচাৰীৰ মৃত্যুৰ পাছত সেই খালী পদসমূহ পৰ্যায়ক্ৰমে পূৰণ নকৰাৰ ফলত বিদ্যালয়খনে শিক্ষক-কৰ্মচাৰীৰ অভাৱত চলি আছে বুলি জানিবলৈ দিছে ৷ মানৱ সম্পদ গঢ়া শিক্ষানুষ্ঠানখনৰ দুৰৱস্থা দেখি স্থানীয় ৰাইজ, অভিভাৱক, সচেতন মহল, বুদ্ধিজীৱী, জাতীয় দল-সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিদ্যালয়খনত বৰ্তমান নৱম শ্ৰেণীত ৯০গৰাকী আৰু দশম শ্ৰেণীত ৯৩গৰাকী ছাত্ৰ-ছাত্ৰী আছে ৷ মুঠ ১৮৩গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি থকা বিদ্যালয়খনত প্ৰধান শিক্ষক ফুলেশ্বৰ মেধিসহ দুই সহকাৰী শিক্ষক ক্ৰমে ৰুণুমী ডেকা, মন কুমাৰ পৰাজুলি মুঠ তিনিগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান চলাই আহিছে ৷ বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী অনুপাতে বৰ্তমান ৬গৰাকী শিক্ষকৰ প্ৰয়োজন। কিন্তু মাত্ৰ তিনিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে পাঠদান চলাবলগীয়া বিষয়টো দুৰ্ভাগ্যজনক ৷ বিদ্যালয়খনত বিজ্ঞান, গণিত আৰু হিন্দী বিষয়ৰ শিক্ষক নোহোৱাকৈ পাঠদান চলি আছে বুলি অভিযোগ পোৱা গৈছে ৷ তদুপৰি বিদ্যালয়খনৰ কাৰ্যালয় সহায়ক অনিল ডেকাই ২০২১ চনৰ ক’ৰোনা কালত মৃত্যুবৰণ কৰাৰ পাছত আজিকোপতি বিদ্যালয়খনত উক্ত কাৰ্যালয় সহায়ক পদটো পূৰণ নহ’ল ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ফুলেশ্বৰ মেধিয়ে জানিবলৈ দিয়া মতে, তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান আগবঢ়োৱাৰ সমান্তৰালকৈ বিদ্যালয়খনৰ প্ৰশাসনিক দিশ, বিভাগীয় কাৰ্যালয়ৰ নীতি-নিৰ্দেশনা পালন কৰা, কাৰ্যালয় সহায়কৰ দায়িত্ব আদি সকলো দিশ সমানে পালন কৰিবলগীয়া হৈছে বুলি জানিবলৈ দিছে ৷ বিদ্যালয়খনত অতুল কাকতি নামৰ এগৰাকী গণিতৰ শিক্ষক আছিল ৷ তেওঁ যোৱা জুলাই মাহত গহপুৰলৈ বদলি হোৱাৰ পাছত বিভাগীয় কৰ্তৃপক্ষই উত্তৰ মিছামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ উক্ত শিক্ষকৰ পদ আজিকোপতি পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ গুৰুত্বৰ কথা চিন্তা কৰি স্থানীয় নাহৰণী গাঁৱৰ ডম্বৰ চুৱেদি নামৰ এগৰাকী শিক্ষিত যুৱকে বিজ্ঞান বিষয়টোৰ পাঠদান স্বেচ্ছাই চলাই থকা বুলি জানিবলৈ দিছে ৷ দুশৰ ওচৰা-উচৰি ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰা শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকল একেলগে বহি পঢ়া-শুনা কৰিবলৈ কোঠালিৰ অভাৱ ৷ বিদ্যালয়খনত আন্তঃগাঁথনিৰ এই অভাৱ দীৰ্ঘদিনীয়া যদিও চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ, জনপ্ৰতিনিধি, পঞ্চায়ত প্ৰতিনিধি আদি কোনেও বিদ্যালয়খনৰ প্ৰতি আজিলৈকে গুৰুত্ব প্ৰদান নকৰিলে বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ৷

প্ৰেৰক বগা তপ্ন

You might also like