নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলশৰৰ উজনীয়াপাৰাত দুদিনীয়াকৈ পালনাম আৰম্ভ

বিশেষ বাৰ্তা, ৮ জুন : অইনবেলিৰ দৰে আজিৰে পৰা দুদিনীয়াকৈ বেলশৰৰ উজনীয়াপাৰা গাঁৱৰ যুৱক–যুৱতীসকলৰ উদ্যোগত ৰাজহুৱা পালনাম আৰম্ভ হৈছে৷ পালনামৰ কাৰ্যসূচী অনুসৰি আজি সন্ধিয়া নাগাৰা নাম পৰিৱেশন কৰিব পাঠক উৎপল হালৈয়ে৷ কাইলৈ সন্ধিয়া পালনামেৰে সামৰণি পৰিব অনুষ্ঠানটোৰ৷ কার্যসূচীত ৰাইজৰ সক্রিয় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলৰ হৈ সভানেত্রী ৰেণু বর্মন আৰু সম্পাদিকা হেমন্তী বর্মনে৷

You might also like