🔹 গুণোৎসৱে উন্নত কৰিছে শৈক্ষিক পৰিৱেশ : কৰ্ণ ৰাম বড়ো
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী : ৰাজ্যৰ ১২খনকৈ জিলাত ৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ২০২৪ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ । গুণোৎসৱৰ সূচী অনুসৰি ওদালগুৰি জিলাৰ খৈৰাবাৰী টাউন হাইস্কুলতো শনিবাৰে অনুষ্ঠিত হয় গুণোৎসৱ । গুণোৎসৱক লৈ বিদ্যালয়খনত পুৱাৰে পৰা সৃষ্টি হয় এক উখল-মাখল পৰিৱেশ । ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলৰ মাজতো দেখিবলৈ পোৱা যায় উৎসাহ-উদ্দীপনা। পুৱাৰ ভাগত বিদ্যালয়ৰ দ্বাৰ উদঘাটন কৰি গুণোৎসৱৰ শুভাৰম্ভ কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক মুনীন্দ্ৰ বৰুৱাই । ইয়াৰ পিছতে অনুষ্ঠিত হয় সমূহীয়া প্ৰাত:সভা । গুণোৎসৱৰ কাৰ্যসূচীত বহি:মূল্যায়ক হিচাপে পি ডব্লিউ ডি বিভাগৰ কনিষ্ঠ অভিযন্তা আমানুল হক উপস্থিত থকাৰ বিপৰীতে ন’ডেল বিষয়া ৰূপে উপস্থিত থাকে জীতেন্দ্ৰ নাথ। ইপিনে, নিৰীক্ষকৰ দায়িত্বত থাকে শিক্ষক ভূমিত্ৰা ডেকা, জোনালী ৰাজবংশী, সাগৰিকা ডেকা, কৰণ ৰামচিয়াৰী, বনমালী বড়ো, দীপা বৈশ্য আৰু মন্টু বসুমতাৰী ।
উৎসৱমুখৰ পৰিৱেশত অনুষ্ঠিত গুণোৎসৱৰ কাৰ্যসূচীত বিদ্যালয়খনৰ প্ৰধান শিক্ষক কৰ্ণ ৰাম বড়ো, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ বিষয়ববীয়া, মাতৃ গোটৰ সদস্যাসকল আৰু অভিভাৱক-অভিভাৱিকাসকলৰ লগতে নেতৃস্থানীয় লোকসকল উপস্থিত থাকে । ইপিনে, বিদ্যালয়খনৰ প্ৰধান শিক্ষক কৰ্ণ ৰাম বড়োৱে গুণোৎসৱে শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক পৰিৱেশ যথেষ্টখিনি উন্নত কৰা বুলি মন্তব্য কৰে । ভৱিষ্যতৰ দিনত এই গুণোৎসৱে শৈক্ষিক ক্ষেত্ৰখনলৈ অধিক ভাল ফলাফল কঢ়িয়াই আনিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।
প্ৰেৰক ধীৰেন মহলীয়া