নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰোৱাৰ অসমী গেছ এজেন্সীত বৃহৎ ক’লা বজাৰ 

🔹 অসাধু ব্যৱসায়ীৰ বাবে প্ৰকৃত গ্ৰাহকে নাপায় চিলিণ্ডাৰ
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী : নলবাৰী জিলাৰ বৰভাগৰ মৰোৱাস্থিত অসমী গেছ এজেন্সীত চিলিণ্ডাৰৰ নামত চলিছে বৃহৎ ক’লা বজাৰ । এজেন্সীটোৰ কৰ্মচাৰী আৰু অসাধু ব্যৱসায়ীৰ দপদপনিত এতিয়া প্ৰকৃত গ্ৰাহকে চিলিণ্ডাৰ লাভ কৰাত হাৰাশাস্তি ভোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰতিদিনে একাংশ ব্যৱসায়ীক প্ৰাধান্য দি এজেন্সীটোৰ কৰ্মচাৰীয়ে নিয়মীয়া গ্ৰাহকক বিমুখ কৰাটো এক স্বভাৱত পৰিণত হোৱাৰ লগতে তেওঁলোকৰ অতপালি দিনকদিনে বৃদ্ধি পোৱা বুলি অভিযোগ উঠিছে । হোম ডেলিভাৰীৰ নামত দুখনমান গাড়ীৰ বাহিৰে বাকী শ শ চিলিণ্ডাৰ যায় অসাধু ব্যৱসায়ীৰ হাতত । এজেন্সীটোৰ একাংশ কৰ্মচাৰীৰ কমিছনৰ অংকৰে চলি আছে ব্যৱসায়ীৰ ক’লা বজাৰ । যাৰ ফলত প্ৰকৃত গ্ৰাহক প্ৰায়েই বিফল মনোৰথে উভতি আহিব লগা হয় । তদুপৰি কৰ্মচাৰীসকলৰ ব্যৱহাৰেও গ্ৰাহকক অতিষ্ঠ কৰা বুলি জনা গৈছে । এক সূত্ৰই প্ৰকাশ কৰা মতে, ব্যৱসায়ীসকলৰ পৰা প্ৰতিটো চিলিণ্ডাৰৰ নামত অতিৰিক্ত  ত্ৰিশ টকাকৈ সংগ্ৰহ কৰি নিমিষতে চিলিণ্ডাৰ নোহোৱা হোৱাৰ পৰিৱেশ ৰচনা কৰি গ্ৰাহকক আভুৱা-ভাঁৰি আহিছে । এই নাটক প্ৰায়েই ৰচনা কৰি আহিছে এজেন্সীটোৰ একাংশ কৰ্মচাৰীয়ে । অঞ্চলটোৰ বহুকেইখন গাঁৱৰ শ শ গ্ৰাহক এতিয়া এজেন্সীটোৰ পৰা গেছভৰ্তি চিলিণ্ডাৰ সংগ্ৰহ কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে । যাৰ ফলত ক’লা বজাৰত অধিক দামত কিনিবলৈ বাধ্য হয় । দিনে দিনে  এইসকল কৰ্মচাৰীয়ে মুনাফাৰ মুক্ত বজাৰ খুলি পিছ দুৱাৰেদি বিভিন্নজন অসাধু ব্যৱসায়ীক চিলিণ্ডাৰ যোগান ধৰি প্ৰকৃত গ্ৰাহকৰ বাবে নাটনিৰ সৃষ্টি কৰাটো অভ্যাসত পৰিণত হৈছে । একাংশ গ্ৰাহকে এজেন্সীটোত চলা এই ক’লা বজাৰ অচিৰেই বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে এইসকল কৰ্মচাৰীৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা গ্ৰহণৰ বাবে নলবাৰীৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও প্ৰকাশ কৰিছে ।
প্ৰেৰক আব্দুল কাদেৰ আহমেদ
You might also like