নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাশবাৰী-ৰাণীৰে বাংলাদেশলৈ গো-ধনৰ ৰমৰমীয়া ব্যৱসায়

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানা, বিজয়নগৰ নগৰ আৰক্ষী আৰু ৰাণী আৰক্ষী আৰু একাংশ দল সংগঠনৰ নেতালৈ মাহিলী হাৰত যোৱা বৃহৎ কমিচনৰ অংকত একাংশ প্ৰভাৱশালী গৰুৰ ব্যৱসায়ী চক্রই পলাশবাৰী আৰু ৰাণী অসম মেঘালয়ৰ সীমান্তৰে চুবুৰীয়া বাংলাদেশলৈ গো-ধনৰ নামত এখন ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছে। এনে ঘটনাত সচেতন লোকৰ চকু কপালত উঠিছে। কিয়নো অসমৰ পৰা অতি কম দামত গো ধন ক্ৰয় কৰি এই চক্ৰটোৱে অহৰ্নিশে পলাশবাৰী আৰু ৰাণীৰে মেঘালয় হৈ বাংলাদেশলৈ ধো-ধনৰ সৰবৰাহ কৰি আহিছে। আৰক্ষী আৰু একাংশ দল সংগঠনৰ নেতাক মেনেজ কৰি চালানবিহীন ভাৱে এনে গৰুৰ ব্যৱসায়ী চক্ৰই দক্ষিণ কামৰূপত দীৰ্ঘদিন ধৰি গঢ়ি তুলিছে এক প্ৰকাৰ চিণ্ডিকেটৰাজ। এই গৰু সৰবৰাহ কৰাৰ নামত মেঘালয়ৰ খাচী সম্প্ৰদায়ৰ একাংশ লোকক হাতত ৰাখি অসমৰ এই গৰু ব্যৱসায়ীয়ে গঢ়ি তুলিছে মধুৰ সম্পৰ্ক। অসমৰ পৰা সৰবৰাহ কৰা এই গৰুবোৰ প্ৰথমে মেঘালয়লৈ বুলি নিবলৈ কিবা অসুবিধা হ’লে দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু ৰাণীৰ বিভিন্ন গোপন স্থানত ৰাখি এই ব্যৱসায়ী চক্ৰই ব্যৱসায় চলাই গৈছে। লগতে দক্ষিণ কামৰূপত এনে গো-ধনৰ ৰমৰমীয়া ব্যৱসায়ৰ সুযোগ গ্ৰহণ কৰি গৰু চুৰিৰ ঘটনাত জড়িত একাংশ লোকে গৃহস্থৰ গোহালি ঘৰ,ৰাস্তা ঘাতৰপৰা সঘনাই গৰু চুৰি কৰিয়ো লৈ গৈ আছে। এনে ঘটনাক লৈ গঞাই বিপাঙত পৰিছে। মাজে সময়ে এনে ৰাস্তাই ঘাটে এনে গৰু চুৰি বা গো-ধনৰ ব্যৱসায়ীৰ বাহন একাংশ লোকে আৱদ্ধ কৰে যদিও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এই কাৰ্যত জড়িত লোকক থানালৈ আনি ধন লৈ এৰি দিয়াৰহে বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈছে। দক্ষিণ কামৰূপৰ ভিতৰত পলাশবাৰী আৰক্ষী,ৰাণী আৰক্ষী আৰু বিজয়নগৰ আৰক্ষীক মেনেজ কৰি এই গো-ধনৰ ব্যৱসায়ীয়ে পলাশবাৰীৰ সৰপাৰা,বাটৰহাট,পাৰাকুছি, কুমেৰীয়া,নালাপাৰা,শুকুৰবেৰীয়া,লোহাৰঘাট,উমচুৰ, গাড়ীলিক, জয়পুৰ, বাখালাপাৰা,গোৱালহাটী,ৰাণী আদি বিভিন্ন পথেৰে চুবুৰীয়া মেঘালয়লৈ এই গো-ধন সৰবৰাহ কৰি আহিছে। এই সহজলভ্য ব্যৱসায় কৰি বহুতে ধনৰ সাম্ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হৈছে। কেৱল কমিচন নাপালেই আৰক্ষীয়ে এই বাহনবোৰ আৱদ্ধ কৰিবলৈ যুদ্ধংদেহী অভিযান দিয়ে। কমিচন পালে সকলো অভিযানৰ অন্ত পৰে।বিপৰীতে এই গো-ধনৰ সৰবৰাহ কৰাৰ ক্ষেত্ৰত কম বয়সীয়া যুৱককো ব্যৱহাৰ কৰাৰ অভাযোগ উত্থাপন হৈছে। এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ জ্ঞাতে-অজ্ঞাতে এই চক্ৰটোৱে বিভিন্ন প্ৰান্তত গৰু ছাগলী আদি চুৰি কৰি ব্যৱসায়ী চলাই যোৱাৰ লগতে একাংশ প্ৰভাৱশালী দল-সংগঠনৰ স্বয়ম্ভূ নেতাৰ নেতৃত্বত দক্ষিণ কামৰূপৰ অসম মেঘালয়ৰ স্পৰ্শকাতৰ অঞ্চলৰ মাজেৰে গো-ধনৰ এখন ৰমৰমীয়া ব্যৱসায় গঢ় লৈ উঠিছে। ইয়াৰোপৰি দক্ষিণ কামৰূপত পুৱতি নিশাৰ পৰা দোভাগ ৰাতিলৈকে এই গো-ধনৰ ব্যৱসায় চলি আহিছে। এক গোপনসূত্ৰে এই গো-ধনৰ ৰমৰমীয়া ব্যৱসায়ত শাসকীয় দলৰ কোনো সমৰ্থকৰ লগতে একাংশ নেতাই হাত উজান দি অহাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ যে, দক্ষিণ কামৰূপৰ অসম- মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাট,ৰাণী, শুকুৰবেৰীয়া,জয়পুৰ, উমচুৰ, কুলশী, বাখালাপাৰা, লংচাই, কুণ্ডিল নগৰ আদিৰে বিভিন্ন সময়ত এই গো-ধন মেঘালয়ৰ পাথাৰখামা, বাংলাদেশলৈ সৰবৰাহ হৈ আহিছে। দেখাত অতি গোপন যদিও একাংশ গো-ধনৰ ব্যৱসায়ীয়ে ডি আই ভান, টেম্প’,ট্রাক,আদি বাহনত প্লাষ্টিক,ত্ৰিপাল বা বস্তা আদি জাপি আৰক্ষী প্ৰশাসন তথা বন বিভাগৰ কাষেৰে এই গো-ধনৰ সৰবৰাহ কৰি আহিছে। এই আৰক্ষী বা বন বিভাগ কেৱল কমিচনৰ অংকত গেটত বহি থাকে। আনকি এই বাহনবোৰৰ পৰা ধন সংগ্ৰহ কৰাৰ নামত ঠায়ে কিছু যুৱককো নিয়োগ কৰাৰ খবৰ আহিছে। লগতে আৰক্ষী থানাৰ পৰাও এনে লোকে মাহিলী হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।এই গো-ধনৰ সৰবৰাহৰ নামত কিবা বিপদ হলে নিশাৰ ভাগৰ অপ্ৰীতিকৰ ঘটনাও সংঘটিত হৈ আহিছে। এই সংগৃহীত ধনৰ ভাগ বিভাগীয় মন্ত্ৰী বিধায়কলৈও যায় তাক লৈ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
প্ৰেৰক বলেন কলিতা
You might also like