বিশেষ বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। এই দিনটোতে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলে পালন কৰি আহিছে কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং। এইবাৰো তাৰ ব্যতিক্রম হোৱা নাই। ৰাজ্যজুৰি মিচিংসকলে এই উৎসৱ উদযাপন কৰে। লখিমপুৰ জিলাৰ বিভিন্ন স্হানত মিচিং ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে আয়োজন কৰে লৃগাং উৎসৱ । নগৰৰ সমীপৰ বৰিমূৰীত কেন্দ্রীয়ভাৱে লৃগাং উৎসৱ উদযাপন কৰা হয়। পৰম্পৰাগত ৰীতি-নীতি, নৃত্য-গীতেৰে গুটি সিঁচা মাংগলিক কাৰ্য্য সমাপন কৰা হয়। এই উৎসৱত সকলো উবুৰি খাই পৰি আনন্দত নিজকে বিলীন কৰি দিয়ে। পৰম্পৰাগত ৰীতি-নীতি, খাদ্য সম্ভাৰ, সাজ-পোছাকে লৃগাংস্থলীক ৰহণীয়া কৰি তোলে। সকলোৱে নৃত্য-গীতত অংশগ্রহণ কৰি আনন্দ কৰে। উদ্যোক্তাসকলে এই উৎসৱে কেৱল মিচিংসকলৰ বাবেই নহয়, বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিও শুভ বাৰ্তা কঢ়িয়াইছে বুলি মত প্ৰকাশ কৰে। কৃষক অথবা কৃষি ক্ষেত্র কেৱল মিচিং সমাজতে আবদ্ধ হৈ থকা নাই। সেয়ে এই লৃগাং উৎসৱে সকলো কৃষকৰ মংগল কামনা, শস্য ক্ষেত্রৰ উৰ্বৰা কামনা সকলোৰে বাবে কৰে বুলি কয়। লৃগাং উৎসৱ এক সমন্বয়-সম্প্ৰীতিৰ উৎসৱ বুলি মত প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে লৃগাং উৎসৱৰ দিনটো কেইখনমান জিলাত বন্ধ দিছে যদিও সমগ্র ৰাজ্যতে এই বন্ধ দিব লাগে বুলি উদ্যোক্তাসকলে চৰকাৰক আহ্বান জনায়।
প্ৰেৰক জীৱন গোস্বামী