নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাগদেৱীৰ বন্দনাৰে মুখৰিত বিলাসীপাৰাৰ বিদ্যালয়-মহাবিদ্যালয়

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে বিদ্যালয়-মহাবিদ্যালয়সমূহ। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উছাহ-উদ্দীপনা। পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ বিদ্যালয়-মহাবিদ্যালয়লৈ গৈ বাগদেৱীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। প্ৰতিখন বিদ্যালয়তে এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like