🔹 মঙলদৈ গ্ৰন্থমেলাৰ সাহিত্য সন্মিলনত ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতা
ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ ডিচেম্বৰ : অন্য লেখকৰ ছপা গ্ৰন্থ নপঢ়ি কেৱল মাহেকে-পষেকে গ্ৰন্থ লিখি প্ৰকাশ কৰি গ’লেই নহব। গ্ৰন্থকাৰসকলে সম্প্ৰতি কিদৰে কাৰিকৰী কৌশলৰ উত্তৰণে সমাজক সলনি কৰিছে, মানুহৰ ৰুচি সলনি কৰিছে, সেইবোৰলৈও চকু দিব লাগিব। এইষাৰ কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে আজি পঢ়ুৱৈৰ সংখ্যা অবিশ্বাস্যভাৱে হ্ৰাস পাইছে। পিছে, অসমৰ সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ শতিকা বুলি যদি অনুমান কৰে, তেন্তে ছপা মাধ্যমৰ সূত্ৰ ধৰিয়েই ই আৰম্ভ হৈছিল। ১৮৪৬ চনৰ অৰুনোদই প্ৰকাশৰ পাছৰে পৰা বিগত ডেৰ শতাধিক বছৰত অসমীয়া ভাষা-সাহিত্যত অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। গতিকে ছপা মাধ্যমৰ অনাদৰ জাতিটোৰ বাবে শুভ লক্ষণ নহয়। আজি অসমৰ প্ৰান্তে প্ৰান্তে ৰাইজৰ অৱগত, দৰঙী কলা-সংস্কৃতি, ভাষা-সাহিত্য চহকী। কিন্তু, গ্ৰন্থমেলাৰ দৰে ইতিবাচক পদক্ষেপসমূহত ৰাইজৰ উপস্থিতি সেৰেঙা। যিদৰে হিলদল ভাঙি ৰাইজ ওলাই আহিব লাগিছিল, সেইদৰে নাহে। কেৱল মঙলদৈতে নহয়, বহু ঠাইত হয়। সেইবুলি গ্ৰন্থমেলাৰ দৰে বিষয়ত জড়িতসকলে ইতিবাচক চিন্তা এৰি দিব নালাগিব।- তৃতীয় মঙলদৈ গ্ৰন্থমেলাৰ তৃতীয় দিনৰ বিশেষ কাৰ্যসূচী সাহিত্য সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাই।
দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই সঞ্চালনা কৰা আৰু সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ শৰ্মাই উদ্বোধন কৰা সাহিত্য সন্মিলনত সাহিত্য সভাৰ প্ৰাক্তন বিষয়ববীয়া তথা বিশিষ্ট গ্ৰন্হকাৰ ক্ৰমে শৈলেন কুমাৰ ৰাজবংশী, বৰদা শইকীয়াসহ বিশিষ্ট সমাজসেৱী ৰঞ্জু শইকীয়াই অংশ লয়। সাহিত্য সন্মিলন উদ্বোধন কৰি অসম আন্দোলনৰ নেতা তথা সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ শৰ্মাই কয় যে দৰঙত গ্ৰন্থৰ সমাদৰ আছে বাবেই মঙলদৈ গ্ৰন্থমেলা সুকলমে বিগত দুটা বছৰে অনুষ্ঠিত হৈছে। সম্প্ৰতি বৈদ্যুতিন মাধ্যমে ছপা গ্ৰন্থৰ অধ্যয়নত কিছু প্ৰভাৱ বিস্তাৰ কৰিছে যদিও সেয়া অসমতে নহয়, বিশ্বজুৰি হৈছে। সকলোৱে আশা কৰিছে- এই প্ৰভাৱ সময়ত আকৌ স্বাভাৱিক হ’ব। গ্ৰন্থৰ সমাদৰ মানৱ জাতি বৰ্তি থকালৈ, সমাজ শৃংখলিতভাৱে পৰিচালিত হৈ থকা দিনটোলৈ থাকিবই, সেয়া ধুৰূপ। মন কৰিবলগীয়া যে মঙলদৈ গ্ৰন্থমেলাত ডেৰ কুৰিতকৈ অধিক গ্ৰন্থ প্ৰকাশন গোষ্ঠীয়ে অংশ লৈছে। প্ৰকাশন গোষ্ঠীৰ বিপণীসমূহতো গ্ৰাহকৰ ভিৰ উৎসাহজনক। গ্ৰন্থ বিক্ৰীও সন্তোষজনক। আগন্তুক ২৬ ডিচেম্বৰলৈ অনুষ্ঠিতব্য গ্ৰন্থমেলাত কাইলৈ দৰঙৰ পাৰদৰ্শী মহিলাৰ সন্মিলনৰ লগতে সন্ধিয়ালৈ আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক কাৰ্যসূচী সম্পন্ন হ’ব।
প্ৰেৰক দিগন্ত শৰ্মা