নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক অসহযোগ

বিশেষ বাৰ্তা, ৮ ফেব্ৰুৱাৰী : সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ বাবে বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয়। নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত নগাঁও জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

তেওঁলোকৰ মূল দাবীসমূহ হ’ল জিলা প্ৰশাসনিক কৰ্মচাৰীক সুকীয়া দৰমহা গাঁথনি প্ৰদান কৰি উচ্চ হাৰত গ্ৰেড পে প্ৰদান কৰা, জিলা আয়ক্ত কাৰ্যালয়ত অধীক্ষক আৰু গাণনিক পদ সৃষ্টি কৰা, মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা, পৰ্য্যবেক্ষক সহায়কৰ পদোন্নতিত উচ্চ হাৰত পাবলগীয়া দৰমহা প্ৰদান কৰা, জাৰিকাৰকসকলকো অতিৰিক্ত ৩% দৰমহা প্ৰদান কৰা, পেঞ্চনৰ সমস্যা দূৰ কৰা, NPS বাতিল কৰি OPS পুনৰ প্ৰচলন কৰা ইত্যাদি । চৰকাৰে দাবীসমূহ মানি নল’লে অনাগত দিনত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলে ঘোষণা কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like