নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয়-চতুর্থ টেষ্টতো অনিশ্চিত কোহলি

বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰী : ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে খেলি থকা পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ তৃতীয় আৰু চতুর্থ টেষ্টতো অংশগ্রহণ অনিশ্চিত হৈ পৰিছে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ৷ সংবাদ প্রতিষ্ঠানৰ এক বাতৰিত এই কথা প্রকাশ৷ শৃংখলাৰ পৰৱর্তী টেষ্ট দুখন ক্রমে ১৫ ফেব্রুৱাৰীৰ পৰা ৰাজকোটত আৰু ২৩ ফেব্রুৱাৰীৰ পৰা ৰাঁচীত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ব্যক্তিগত কাৰণৰ বাবে টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক কোহলিয়ে প্রথম আৰু দ্বিতীয়খন টেষ্টৰ পৰা নাম প্রত্যাহাৰ কৰিছিল৷

You might also like