নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষমতাই মূৰত ধৰিছে গোলাঘাটৰ আৰক্ষী অধীক্ষকক

🔹 হাতী ছাফাৰীৰ সুবিধা কৰি নিদিয়াৰ বাবে বন বিষয়াক হাৰাশাস্তি

নিয়মীয়া বার্তা, ২২ ডিচেম্বৰ : ‘জনহিত জনসেৱার্থে’ শ্ল’গানেৰে ৰাইজক সেৱা আগবঢ়াবলৈ প্রতিশ্রুতিবদ্ধ অসম আৰক্ষীক জনমানসত পুনৰ হেয় প্রতিপন্ন কৰিলে এগৰাকী শীর্ষ বিষয়াই৷ ক্ষমতাৰ ৰাগিত বলীয়ান হৈ এজন বন বিষয়াক মানসিক হাৰাশাস্তি কৰাৰ লগতে অশ্লীল ভাষাৰে গালি–গালাজ পাৰি বিতর্কৰ আৱর্তত সোমাই পৰিছে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং৷ অসম আৰক্ষীক জনসাধাৰণৰ কাষ চপাই নিবলৈ সঞ্চালকপ্রধান জি পি সিঙে কৰি অহা প্রয়াসক অংগুষ্ঠ প্রদর্শন কৰি চৰম ঊদ্ধতালিৰে ৰাজেন সিঙে কৰা ব্যৱহাৰত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ আত্মীয়ৰ বাবে কাজিৰঙাত হাতী ছাফাৰীৰ ব্যৱস্থা কৰিবলৈ অমান্তি প্রকাশ কৰাৰ অজুহাতত এজন বন বিষয়াক বিনা কাৰণত ওৰে নিশা থানাত আটক কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে এইজন শীর্ষ আৰক্ষী বিষয়াৰ বিৰুদ্ধে৷ ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে নিশা ১১.১৫ বজাত কঁহৰা আৰক্ষী চকীৰ পৰা বন পালক তৰুণ গগৈক ফোন কৰি শুকুৰবাৰে পুৱাৰ ভাগত হাতী ছাফাৰীৰ বাবে টিকট বিচাৰে৷ গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ উদ্ধৃতি দি কঁহৰা আৰক্ষীয়ে বন পালকজনক হাতী ছাফাৰীৰ টিকটৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে৷ কিন্তু বনপালকজনে হাতী ছাফাৰীৰ টিকট মাজনিশা নিশ্চিত কৰাটো সম্ভৱ নহয় বুলি কঁহৰা আৰক্ষীক সদৰী কৰে৷ কিয়নো সন্ধিয়াৰ ভাগতে পৰৱর্তী দিনৰ হাতী ছাফাৰীৰ টিকট পর্যটকৰ বাবে নিশ্চিত কৰা হয়৷ তৎসত্ত্বেও বন বিভাগৰ বিষয়াজনে শুকুৰবাৰে পুৱাৰ ভাগত হাতী ছাফাৰীৰ কিবা ব্যৱস্থা কৰিব পৰা যায় নেকি তাৰ বাবে পদক্ষেপ গ্রহণ কৰাৰ আশ্বাস দিয়ে৷ নিশাৰ ভাগতে গগৈয়ে হাতী ছাফাৰীৰ টিকট কাউণ্টাৰৰ দায়িত্বত থকা বিভাগীয় কর্মচাৰীজনৰ সৈতে যোগাযোগ কৰিবলৈও চেষ্টা কৰে৷ কিন্তু এইক্ষেত্রত কর্মচাৰীজনৰ পৰা কোনো সদুত্তৰ লাভ নকৰাত কঁহৰা আৰক্ষীক বন বিভাগৰ বিষয়াজনে শুকুৰবাৰে পুৱাৰ ভাগত হাতী ছাফাৰী সম্ভৱপৰ নহয় বুলি অৱগত কৰে৷ এই কথাতে ক্ষুণ্ণ হৈ গোলাঘাটৰ আৰক্ষী অধীক্ষকজনে বনপালক তৰুণ গগৈক ফোনযোগে অশ্লীল গালি–গালাজ পৰাৰ লগতে বিভিন্ন ধৰণৰ ভাবুকি দিয়ে৷ কিন্তু বিষয়টো ইমানতে সীমাবদ্ধ হৈ নাথাকিল৷ ক্ষমতাই মূৰত ধৰা ৰাজেন সিঙৰ নির্দেশতে বনপালকজনৰ ডিৰিং চাৰিআলিৰ সমীপৰ বাসগৃহত নিশাৰ ভাগতে আৰক্ষী উপস্থিত হয়৷ আৰক্ষীৰ দলটোৱে কোনো সোধা–পোছা নকৰাকৈ নিশাৰ ভাগতে শোৱাপাটীৰ পৰা গগৈক থানালৈ আনি মানসিক নির্যাতন চলায়৷ এই ঘটনাই সমগ্র অঞ্চলটোত প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে একাংশ সংবাদ মাধ্যমতো প্রচাৰ হয়৷ পৰৱর্তী সময়ত কেইবাঘণ্টা আবদ্ধ কৰি ৰখাৰ পাছত তেওঁক ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়৷ আজি পুৱাৰ ভাগৰ পৰা এই ঘটনা সন্দর্ভত সংবাদ মাধ্যমত প্রচাৰ হোৱাৰ লগে লগে ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি হয়৷ সমান্তৰালভাৱে এই ঘটনাক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙেও প্রতিক্রিয়া প্রকাশ কৰে৷ এই সন্দর্ভত টুইটযোগে মুখ্যমন্ত্রীগৰাকীয়ে কয়- ‘গোলাঘাটৰ আৰক্ষী অধীক্ষক জড়িত হৈ থকা ঘটনাক লৈ মই অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙৰ সৈতে কথা পাতিছোঁ৷ এনে অহংকাৰ আমি সমর্থন নকৰোঁ আৰু চৰকাৰী কর্মচাৰীসকল তেওঁলোকৰ চিন্তা আৰু কার্যত নম্র হোৱাটো উচিত৷’ আনহাতে, অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙেও এই ঘটনাত দুখ প্রকাশ কৰিছে৷ সঞ্চালকপ্রধানগৰাকীয়ে ভুক্তভোগী গগৈৰ সৈতে কথা–বতৰা পতাৰ লগতে এই ঘটনাৰ বাবে দুখ প্রকাশ কৰে৷ টুইটযোগে জি পি সিঙে কয়- ‘বন বিষয়া তৰুণ গগৈক গোলাঘাট আৰক্ষীয়ে অনর্থক আটক কৰা কার্যৰ বিষয়ে মই অৱগত হৈছোঁ৷ মই গগৈৰ সৈতে কথা পাতিছোঁ আৰু তেওঁৰ আগত দুখ প্রকাশ কৰিছোঁ৷ আৰক্ষী অধীক্ষকজনকো পৰামর্শ দিয়া হৈছে৷ নাগৰিকৰ সৈতে সৌজন্যমূলক ব্যৱহাৰ আমাৰ লক্ষ্য৷ এই ঘটনাৰ বাবে মুখ্যমন্ত্রীৰ ওচৰতো মই ক্ষমাভিক্ষা কৰিছোঁ৷ পৰৱর্তী সময়ত আমাৰ সেৱা উন্নত কৰাৰ প্রতিশ্রুতিৰে অসমবাসীৰ ওচৰত ক্ষমাপ্রার্থী৷’ ইপিনে, নিশাৰ ভাগত সংঘটিত ঘটনাক লৈ সৃষ্টি হোৱা প্রতিক্রিয়াৰ পাছত গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং কালি নিশাই তৰুণ গগৈৰ ঘৰত উপস্থিত হয় আৰু ঘটনা সন্দর্ভত ক্ষমাপ্রার্থনা কৰে৷ বনপালক তৰুণ গগৈয়ে বিষয়টো সন্দর্ভত দৃঢ় স্থিতি গ্রহণ কৰি সাধাৰণ ৰাইজৰ মর্যাদা ৰক্ষাৰ বাবে লোৱা পদক্ষেপত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু আৰক্ষী সঞ্চালকপ্রধানগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ আনহাতে, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ স্থানীয় নেতা অনন্ত গগৈ আৰু স্থানীয় একাংশ লোকে আৰক্ষী অধীক্ষক সিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীক দাবী উত্থাপন কৰিছে৷

প্ৰেৰক ৰঞ্জিত ৰজক

You might also like