🔹 অপপ্ৰচাৰ চলোৱা চক্ৰৰ বিৰুদ্ধে আদালতলৈ যাব ৰিজৰ্ট কৰ্তৃপক্ষ
বিশেষ বাৰ্তা, ২২ মাৰ্চ : ঢেকীয়াজুলিৰ হুগ্ৰাজুলিৰ কনকা ভিলেজ ৰিজৰ্টক লৈ একাংশই বিভিন্ন অপপ্ৰচাৰ চলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি ঢেকীয়াজুলিৰ হুগ্ৰাজুলিৰ কনকা ভিলেজ ৰিজৰ্টত যোৱা ১১ মাৰ্চত এজন গ্ৰাহকে অনলাইনৰ জৰিয়তে ১০৫০ টকাৰ বিল পৰিশোধ কৰে ৷ কিন্তু সেই সময়ত অনলাইন প্ৰক্ৰিয়াত বিফলতাৰ বাবেই উক্ত টকাখিনি ৰিজৰ্টৰ বেংক একাউণ্টত ট্ৰাঞ্চফাৰ নোহোৱাত ৰিজৰ্ট কৰ্তৃপক্ষই গ্ৰাহকজনক নগদ ধন আদায় দিবলৈ পৰামৰ্শ দিয়ে ৷ পিছত গ্ৰাহকজনে নগদ ধন আদায় দি আঁতৰি যায় যদিও ইয়াৰ এসপ্তাহ পিছত সামাজিক মাধ্যমত কনকা ৰিজৰ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ আৰম্ভ কৰে অপু অসম নামৰ যুৱকজনে ৷ এই কথা পোহৰলৈ অহাত কালি বিয়লি ৰিজৰ্ট কৰ্তৃপক্ষই এখন সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত কনকা ৰিজৰ্টৰ পৰিচালন সঞ্চালক প্ৰণৱজ্যেতি নাথ আৰু সঞ্চালক মনময়ূৰী দেৱী আৰু অনন্ত নাথে কয়- যোৱা ১১ মাৰ্চত অপু অসম নামৰ এজন যুৱক ৰিজৰ্টলৈ আহিছিল আৰু গ্ৰাহকজনে অনলাইন মাধ্যমত ৰিজৰ্টৰ বিল হিচাপে ১০৫০ টকা আদায় দিবলৈ যত্ন কৰে যদিও বিফল হয় ৷ তাৰ পিছত গ্ৰাহকজনক নগদ ধন আদায় দিবলৈ কোৱাত তেওঁ নগদ ১০৫০ টকা আদায় দিয়ে যদিও ইয়াৰ এসপ্তাহ পিছত গ্ৰাহকজনে ৰিজৰ্টখনৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিভিন্ন অপপ্ৰচাৰত লিপ্ত হয় ৷ কনকা ভিলেজ ৰিজৰ্টৰ পৰিচালন সঞ্চালকে কয়- আমি গ্ৰাহকসকলৰ সেৱাত ত্ৰুটি কৰা নাই আৰু অনাহকত ধন লোৱা নাই ৷ কিন্তু কেৱল অনলাইনৰ বিফলতাৰ কাৰণে গ্ৰাহকজনে ৰিজৰ্ট কৰ্তৃপক্ষক দোষাৰোপ কৰিছে ৷ এয়া গ্ৰহণযোগ্য নহয় ৷ গ্ৰাহকজনে সেইদিনা ৰিজৰ্টৰ কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰা বুলিও ৰিজৰ্টৰ স্বত্বাধিকাৰীয়ে সংবাদ মেলত প্ৰকাশ কৰে । এই সন্দৰ্ভত ৰিজৰ্ট কৰ্তৃপক্ষই ইতিমধ্যে আৰক্ষীক লিখিতভাৱে জনোৱা বুলি পৰিচালন সঞ্চালকজনে প্ৰকাশ কৰে ৷ ৰিজৰ্ট সম্পৰ্কে অপপ্ৰচাৰ চলোৱা চক্ৰৰ বিৰুদ্ধে তেওঁলোক আদালতলৈও যাব বুলিও সংবাদ মাধ্যমত প্ৰকাশ কৰে ৷
প্ৰেৰক কল্পজ্যোতি নাথ