নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচন আয়োগক দাখিল নির্বাচনী বণ্ডৰ সবিশেষ

🔹 বাধ্য হ’ল এছবিআই
🔹 তথ্যত আছে ইউনিক নম্বৰসহ ধনৰ পৰিমাণ, ক্রেতাৰ নাম–লাভ কৰা ৰাজনৈতিক দলৰ নাম

বিশেষ বাৰ্তা, ২২ মার্চ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নির্দেশত অৱশেষত ভাৰতীয় ষ্টেট বেংক চমুকৈ এছবিআয়ে নির্বাচনী বণ্ডৰ সবিশেষ তথ্য কালি দাখিল কৰিবলৈ বাধ্য হ’ল৷ কালি উচ্চতম ন্যায়ালয়ত শপতনামাসহ নির্বাচনী বণ্ডৰ তথ্য দাখিল কৰাৰ সমান্তৰালকৈ এই সমগ্র তথ্য নির্বাচন আয়োগকো দাখিল কৰে৷ এছবিআইৰ সম্পূর্ণ তথ্য নির্বাচন আয়োগে যিকোনো মুহূর্তত ৰাজহুৱা কৰিব৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰৰ নির্বাচনী বণ্ড অসাংবিধানিক আখ্যা দি এই বণ্ড বিক্রীৰ প্রক্রিয়া বন্ধ কৰাৰ লগতে ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে বিক্রী হোৱা সমগ্র তথ্য দাখিলৰ বাবে এছবিআইক নির্দেশ দিছিল৷ এছবিআয়ে দুবাৰ এই নির্বাচনী বণ্ডৰ তথ্য দাখিল কৰে যদিও বহুতো তথ্য গোপন কিম্বা নিদিয়াকৈ দাখিল কৰিছিল৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে এছবিআইৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি নির্বাচনী বণ্ডৰ সকলো তথ্য দাখিল কৰিবলৈ ২১ মার্চ অন্তিম সময়সীমা নির্ধাৰণ কৰি দিয়ে৷ সর্বোচ্চ ন্যায়ালয়ৰ এই অন্তিম সময়সীমাতে কালি এছবিআয়ে নির্বাচনী বণ্ডৰ সকলো তথ্য উচ্চতম ন্যায়ালয় আৰু নির্বাচন আয়োগক দাখিল কৰে৷ কালি দাখিল কৰা তথ্যত এছবিআইৰ অধ্যক্ষ দীনেশ কুমাৰ খাৰাই কয় যে সর্বোচ্চ ন্যায়ালয়ৰ নির্দেশ মর্মে নির্বাচনী বণ্ডৰ নম্বৰসহ সকলো তথ্য দাখিল কৰা হৈছে৷ এই সন্দর্ভত শপতনামাও দাখিল কৰে এছবিআয়ে৷ কালি দাখিল কৰা নির্বাচনী বণ্ডৰ তথ্যত আছে বণ্ড ক্রেতাৰ নাম, বণ্ডৰ বিশেষ নম্বৰ আৰু টকাৰ পৰিমাণ, বণ্ড লাভ কৰা ৰাজনৈতিক দলৰ নাম, বণ্ড লাভ কৰা ৰাজনৈতিক দলৰ একাউণ্টৰ শেষৰ চাৰিটা সংখ্যা, বণ্ডৰ নম্বৰসহ বণ্ডৰ সংখ্যাৰ লগত টকাৰ পৰিমাণ৷ উল্লেখ্য যে যোৱা ১৪ মার্চত নির্বাচন আয়োগে নির্বাচনী বণ্ডৰ তথ্য ৰাজহুৱা কৰিছিল৷ এই তথ্য আধৰুৱা আছিল৷ পৰৱর্তী সময়ত এছবিআয়ে দাখিল কৰা নতুন তথ্যও আয়োগে ৰাজহুৱা কৰিছিল৷ কিন্তু এই তথ্যও আধৰুৱা হৈ আছিল৷ এই তথ্যত নাছিল বণ্ডৰ নম্বৰ, ৰাজনৈতিক দলৰ নাম আৰু পৰিমাণ৷ কালি এছবিআয়ে দাখিল কৰা তথ্যত উল্লেখিত সকলো তথ্য সন্নিৱিষ্ট কৰা হৈছে৷ নির্বাচন আয়োগে ৰাজহুৱা কৰিলে কোন দলে কিমান বণ্ডৰ জৰিয়তে কিমান টকা সংগ্রহ কৰিছে সেই কথা নিশ্চিত হ’ব৷

You might also like