নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ আৰ্থিক অৱস্থাক লৈ অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে : পীয়ূষ হাজৰিকা

🔹 অসমৰ ছেমি কণ্ডাক্টৰ-নিকা নিযুক্তিয়ে ৰাষ্ট্রীয় পৰ্যায়ত লাভ কৰিছে চৰ্চা

বিশেষ বাৰ্তা, ৬ অক্টোবৰ : শেহতীয়াকৈ অসম চৰকাৰৰ আৰ্থিক অৱস্থা জুৰুলা বুলি অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে । কংগ্ৰেছ দল আৰু এচাম অসমবিৰোধী লোকে অপপ্ৰচাৰত লিপ্ত হৈ অসমৰ শান্তি বিঘ্নিত কৰিবলৈ উঠি-পৰি লাগিছে।- কংগ্রেছক এইদৰে ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই । মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মতে দুৰ্নীতি-অপশাসনেৰে একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰি কংগ্ৰেছে বিধ্বস্ত কৰি যোৱা অসমৰ ঔদ্যোগিক, সামাজিক ভেটি বিজেপি চৰকাৰে বহু কষ্টেৰে পুনৰ গঢ়ি তুলিছে । উগ্ৰপন্থী সমস্যা সমাধান কৰা, ৰাস্তা-ঘাটৰ উন্নয়ন কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ লগে লগে অসমত এক ঔদ্যোগিক বিপ্লৱ আৰম্ভ হৈছে। টাটা গ্ৰুপে প্ৰায় ২৭ হাজাৰ কোটি টকা বিনিয়োগ কৰি অসমত ছেমি কণ্ডাক্টৰ ইউনিট স্থাপন কৰিছে। স্বচ্ছ-নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে অসমে। অসমৰ এই উন্নয়নমূলক যাত্ৰাত সৰ্বস্তৰৰ ৰাইজ উপকৃত হৈছে আৰু ৰাজ্য চৰকাৰে উন্নয়নৰ যাত্ৰাৰ সহযাত্ৰী হৈছে। ইয়াক দেখি কংগ্ৰেছ দল আৰু এচাম অসমবিৰোধী লোকে অপপ্ৰচাৰত লিপ্ত হৈ অসমৰ শান্তি বিঘ্নিত কৰিবলৈ উঠি-পৰি লাগিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । উল্লেখযোগ্য যে টাটা গ্ৰুপে প্ৰায় ২৭ হাজাৰ কোটি টকা বিনিয়োগ কৰি অসমত স্থাপন কৰা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ লগতে ৰাজ্য চৰকাৰৰ স্বচ্ছ, নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা বিষয়টোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰা বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই । ৰাজ্য চৰকাৰে ঋণ লোৱা প্ৰসংগত কংগ্ৰেছে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মতে, এখন ৰাজ্যই ঋণ লাভ কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কিছু সুস্পষ্ট নীতি-নিৰ্দেশনা আছে। ৰাজ্য এখনক কিমান পৰিমাণলৈ ধাৰ দিব পৰা যায়, সেয়াও ৰিজাৰ্ভ বেংকে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা চালি-জাৰি চাইহে নিৰ্ণয় কৰে। ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি অসমৰ বহু পৰিমাণৰ ধাৰ ল’ব পৰা ক্ষমতা আছে, কিন্তু সিমান পৰিমাণলৈ ধাৰ লোৱা নাই, ল’বলগীয়া পৰিস্থিতিও হোৱা নাই আৰু ভৱিষ্যতেও নহয়। আনহাতে, এখন ৰাজ্যই ধাৰ লাভ কৰা মানে জানিব যে সেইখন ৰাজ্যৰ আৰ্থিক অৱস্থা উন্নত। আৰ্থিক অৱস্থা উন্নত নহ’লে কোনো এজেঞ্চীয়ে ৰাজ্য এখনক ঋণ প্ৰদান নকৰে। অসমৰ অৰ্থনৈতিক অৱস্থাক লৈ অপপ্ৰচাৰ চলাই থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে কংগ্ৰেছ তথা বিৰোধী দলসমূহে শাসন কৰা কেইখনমান ৰাজ্যৰ ঋণৰ পৰিমাণৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি, কেৰালা- প্ৰায় ৪.২৯ লাখ কোটি টকাৰ ঋণ, তেলেংগানা- প্ৰায় ৪.৫ লাখ কোটি টকাৰ ঋণ, পশ্চিমবংগ- প্ৰায় ৬.৯৩ লাখ কোটি টকাৰ ঋণ, পঞ্জাব- প্ৰায় ৩.৭৪ লাখ কোটি টকাৰ ঋণ, তামিলনাডু- প্ৰায় ৮.৩৩ লাখ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে আৰু এই গোটেইকেইখন ৰাজ্য হৈছে কংগ্ৰেছ দল অথবা কংগ্ৰেছৰ মিত্ৰদলৰ শাসিত ৰাজ্য । বিপৰীতে অসমৰ ঋণৰ পৰিমাণ হৈছে প্ৰায় ডেৰ লাখ কোটি টকা আৰু ইয়াৰে ৪১,৯৬৪ কোটি টকাৰ ঋণ ২০১৬ চনত শাসনৰ পৰা যাবৰ সময়ত কংগ্ৰেছ চৰকাৰে থৈ গৈছিল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাইজৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি আছে আৰু আপোচবিহীন উন্নয়ন অনাগত দিনতো অব্যাহত থাকিব। সকলোকে আস্থা, বিশ্বাসত ৰাখি অপপ্ৰচাৰত ভোল নাযাবলৈ বিনম্ৰতাৰে আহ্বান জনায় মন্ত্ৰী পীয়ূষ হাজৰিকাই ।

You might also like