নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত নৱাগত আদৰণী সভাত অথন্তৰ

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : আজি আবেলি নগৰবেৰাৰ বি প্ৰ চলিহা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত অথন্তৰ ঘটে | আমন্ত্ৰিত কণ্ঠশিল্পীৰ সংগীতানুষ্ঠানৰ মাজতেই দুই পক্ষৰ মাজত ভয়ানক মাৰপিট সংঘটিত হয় | হাতত পিন্ধা তামৰ খাৰুৰে ঘুচিয়াই মূৰ ফালিলে আন শিক্ষানুষ্ঠানৰ এজন ছাত্ৰৰ | কাজিয়াখন কিহক কেন্দ্ৰ কৰি হৈছিল, সেয়া জানিব পৰা নগ’ল যদিও জ্ঞানৰ মন্দিৰত একাংশ ছাত্ৰৰ এনে উদ্ভণ্ডালিত চিন্তিত বিদ্ব্যৎ সমাজ | জানিব পৰা মতে, মহাবিদ্যালয় প্ৰাংগণত এদল ছাত্ৰই প্ৰতিবেশী শিমলীতোলা অঞ্চলৰ দুই ছাত্ৰক কিবা কথাক লৈ একাষৰীয়াকৈ মাতি নি এজনক প্ৰহাৰ কৰিবলৈ লয় | বন্ধুক প্ৰহাৰ কৰা দেখি আনজন আগবাঢ়ি যায় আৰু মধ্যস্থতা কৰিবলৈ লওঁতে আনজনৰো মূৰত দলটিয়ে বেয়াকৈ কেইবাটাও ঘোচা শোধায় | প্ৰহাৰৰ ফলত এজনৰ মূৰ অতি বেয়াকৈ ফালি যায় আৰু ভিতৰৰ পৰা অতিমাত্ৰা ৰক্তক্ষৰণ হয় |ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিয়পে অঞ্চলজুৰি আৰু খবৰ পাই সংগীতানুষ্ঠানো সামৰিবলৈ বাধ্য হয় | নৱাগত আদৰণী সভাৰ দৰে এক উছৱমুখৰ পৰিৱেশত এনে মাৰপিটৰ ঘটনাই হৰিষত যেন বিষাদহে নমালে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like