নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋণ দিয়াৰ নামত লাখ লাখ টকা লুট : জে’ললৈ বেংক কৰ্মচাৰী

নিয়মীয়া বাৰ্তা,  ১৫ ছেপ্টেম্বৰ : বেংকৰ পৰা ঋণ দিয়াৰ নামত লাখ লাখ টকা লুট কৰি এজন বেংক কৰ্মচাৰী ৰঙাঘৰৰ আলহী হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। হোজাইৰ ডবকাত এই প্ৰৱঞ্চকক ৰাইজে ধৰি গতাই দিয়ে আৰক্ষীক ৷ ধৃত প্ৰৱঞ্চকটো হোজাইৰ বৰপুখুৰীৰ সুশান্ত পণ্ডিত বুলি জানিব পৰা গৈছে ৷ হোজাইৰ সুশান্ত পণ্ডিত নামৰ প্ৰৱঞ্চকটো হোজাইৰ ICICI বেংক শাখাটোৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷ ধৃত প্ৰৱঞ্চকটোৱে ডবকাৰ অৰ্ধশতাধিক ব্যৱসায়ীৰ পৰা বেংকৰ জৰিয়তে ঋণ দিয়াৰ প্ৰলোভনেৰে লুটিছিল কেইবালক্ষ টকা ৷ আনকি বহু ব্যৱসায়ীক প্ৰৱঞ্চকটোৱে ঋণ লাভ কৰাৰ ভুৱা বেংকৰ অনুমোদন পত্ৰও প্ৰদান কৰিছিল ৷ ইতিমধ্যে ICICI বেংকৰ হোজাই শাখাৰ এজন শীৰ্ষ বিষয়াও এই প্ৰৱঞ্চকটোৰ লগত জড়িত থকা বুলি জানিব পৰা গৈছে যদিও আৰক্ষীৰ প্ৰকৃত তদন্তৰ অন্ততহে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব। প্ৰৱঞ্চকটোৰ লগত বেংকৰ আন কোনো কৰ্মচাৰী জড়িত আছে নেকি, সেই সন্দৰ্ভত সোধা-পোছাৰ অন্তত আৰক্ষীয়ে হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷

 

প্ৰেৰক কিশলয় দেৱ গোস্বামী

You might also like