নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ এটি গুৰুত্বপূৰ্ণ পথে জলাকলা খুৱাইছে সৰ্বসাধাৰণক ৷ পথ নহয় যেন পুখুৰীহে ৷ ভূৰাগাঁও-মৰিগাঁও সদৰ সংযোগী একমাত্ৰ পথ। সদাব্যস্ত এই পথে জলাকলা খুৱাইছে সৰ্বসাধাৰণক ৷ এজাক বৰষুণ দিলেই যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে ভূৰাগাঁও-মৰিগাঁও সংযোগী লোকনিৰ্মাণ বিভাগৰ একমাত্ৰ পথছোৱা। যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে অঞ্চলটোৰ ৰাইজে। কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ পথছোৱাক লৈ বিপাঙত পৰিছে স্থানীয় ৰাইজ। উল্লেখ্য যে ৰথখোলাৰ পৰা পাচঁআলিলৈকে লোকনিৰ্মাণৰ পথছোৱাৰ ওপৰেৰে যোৱা বৰ্ষত জলসম্পদ বিভাগে মথাউৰি নিৰ্মাণ কৰে। মথাউৰি নিৰ্মাণৰ পিছতেই এজাক বৰষুণ দিলেই একেবাৰে বিধ্বস্ত ৰূপ লয় পথছোৱাই । এই ব্যস্ততাপূৰ্ণ পথছোৱাৰ দুয়োকাষে ভূৰাগাঁও ৰাজহ চক্ৰ কাৰ্যালয়, ভূৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভূৰাগাঁও মহাবিদ্যালয়, ভূৰাগাঁও আৰক্ষী থানা, ভূৰাগাঁও পৰিপূৰক চিকিৎসালয়ৰ উপৰি কেইবাখনো প্ৰাথমিক বিদ্যালয় আছে। বৰষুণ দিলেই ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু কাৰ্যালয়লৈ যাব নোৱাৰা অৱস্থা হয়। মথাউৰি নিৰ্মাণৰ পিছত পথছোৱা যাতায়াতৰ উপযোগী কৰাৰ ক্ষেত্ৰত লোকনিৰ্মাণ বিভাগ আৰু জলসম্পদ বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।শীঘ্ৰে পথছোৱা মেৰামতি কৰি যাতায়াতৰ সুবিধা কৰি দিবলৈ ৰাইজে দাবী জনায় ৷
প্ৰেৰক আবুল কালাম