নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত পিয়াঁজবাহী ট্ৰাকত চুৰি কাণ্ডক লৈ ৰহস্য

🔹 চি চি কেমেৰাত আবদ্ধ খাকী পোছাকধাৰীৰ দৃশ্য 

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : ৰক্ষকেই ভক্ষক? যোৱানিশা চিচি কেমেৰাত আবদ্ধ হোৱা ধুবুৰী চহৰৰ এটা অঞ্চলৰ এক বিশেষ ঘটনাই এতিয়া উত্থাপন কৰিছে এই প্ৰশ্নৰ। অভিযোগ অনুসৰি, যোৱানিশা বহিঃৰাজ্যৰ পৰা ধুবুৰীলৈ আহি উপস্থিত হৈছিল পিয়াঁজ পৰিবাহী এমপি-১৭এইচ এইচ-৪১৮৩ নম্বৰৰ এখন মালবাহী ট্ৰাক। নিশা ট্ৰাকখন ৰখা হৈছিল চহৰখনৰ নুনিয়াপট্টী অঞ্চলৰ ভাটিগোলাৰ সমীপৰ এটা আস্থানত। কিন্তু আজি পুৱা পিয়াঁজৰ বস্তুবোৰ নমাবলৈ লওঁতে সেই ট্ৰাকখনৰ পিছফালৰ ত্ৰিপালৰ এটা অংশ ফলা থকা দেখা যায় আৰু তেতিয়া ট্ৰাকখনত চুৰি হোৱা বুলি হুৱাদুৱা লাগে। পিছত ট্ৰাকখন পাৰ্কিং কৰা স্থানৰ পৰা নাতিদূৰতে থকা এঘৰৰ চিচি কেমেৰাত চুৰিৰ সমগ্ৰ ঘটনা আবদ্ধ হোৱা পোৱা যায়। চি চি কেমেৰাটোত আবদ্ধ হোৱা ভিডিঅ’টোত হাতত ছাতি লৈ অহা এগৰাকী আৰক্ষীৰ খাকী পোছাক পৰিধান কৰা লোকে ট্ৰাকখনৰ পিছফালৰ ত্ৰিপাল ফালি প্ৰৱেশ কৰা দেখা গৈছে। আনকি অলপ পিছত ভিতৰৰ পৰা সৰু এটা মোনা লৈ ট্ৰাকখনৰ পৰা নামি নিৰ্বিঘ্নে আঁতৰি অহাৰ দৃশ্যও আবদ্ধ হৈছে চিচি কেমেৰাত। অনুমান কৰা অনুসৰি, ট্ৰাকখনৰ পৰা আনুমানিক ১০/১৫ কেজি পিয়াঁজ চুৰি হৈছে। ইপিনে, খাকী পোছাকত আহি চুৰি কৰাৰ এই দৃশ্যক লৈ সৃষ্টি হৈছে ৰহস্যৰ আৰু ধুবুৰীৰ ব্যৱসায়িক মহলে জিলা আৰক্ষীৰ শীৰ্ষ মহলে ঘটনাটোৰ এক উচিত তদন্ত কৰাটো বিচাৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like