নলবাৰীত চৰকাৰী বিদ্যালয়ত নামভৰ্তিত হেতা-ওপৰা, বনভাগ খাতা দিহজাৰী হাইস্কুলে কঢ়িয়াইছে আশাৰ বতৰা
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ৰাজ্যত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰসমূহে শৈক্ষিক দিশত যি ধৰণে জয়যাত্রা আৰম্ভ কৰিছে তাৰ বাবে নিজ সন্তানৰ ভৱিষ্যত শৈক্ষিক দিশৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱক অভিভাৱিকাসকলে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তি কৰাই দিয়ে। অভিভাৱকসকলে সন্তানৰ শৈক্ষিক ভৱিষ্যত কেৱল ব্যক্তিগত বিদ্যালয়তহে নিৰপত্তা হ’ব পাৰে। যাৰ ফলত বহু চৰকাৰী বিদ্যালয়ত ছাত্র ছাত্রীৰ অভাৱে দেখা দিছে। আন বহু চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীতকৈ শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা বেছি হোৱাৰ তথ্য পোৱা যায়। আনকি ছাত্ৰ ছাত্ৰীৰ অভাৱত বহুতো চৰকাৰী বিদ্যালয় বন্ধ হৈ পৰিছে। নতুবা শিক্ষা বিভাগে বিদ্যালয়সমূহ একত্ৰিত কৰণ কৰিছে। ঠিক সেই সময়তে নলবাৰী জিলাৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্র ছাত্রী আৰু অভিভাৱকৰ হেতা ওপৰা কৰা পৰিলক্ষিত হৈছে। কালি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনস্থ ঘগ্ৰাপাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত চৰকাৰী খণ্ডৰ বিদ্যালয় বনভাগ খাতা দিহজাৰী হাইস্কুলত পাঁচশতাধিক ছাত্র ছাত্রী আৰু অভিভাৱক অভিভাৱিকা নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে লানি নিচিঙা সোঁত বোৱা পৰিলক্ষিত হয়। বিদ্যালয় খনৰ উত্তৰণ দেখি অঞ্চলটোৰ সচেতন ৰাইজে আনন্দ প্ৰকাশ কৰিছে। বিদ্যালয় খনৰ চৌদিশত কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয় থকাৰ লগতে বিদ্যালয় খনৰ নাতিদূৰত কেইবাখনো চৰকাৰী বিদ্যালয় থকাৰ পিছতো এই খনত চৰকাৰী খণ্ডৰ বিদ্যালয়ত নিজৰ সন্তানক নাম ভৰ্তি কৰাই দিবলৈ অভিভাৱক অভিভাৱিকা সকলে ৰাতিপুৱাৰে পৰা দীঘলীয়া শাৰী পাতি দিনটো ৰৈ কিয় হেতা ওপৰা লগাইছে আৰু বিদ্যালয়খনৰ প্ৰতি কিয় আকৰ্ষিত হৈ পৰিছে বুলি আমাৰ সাংবাদিকে প্ৰশ্ন কৰাত অভিভাৱক অভিভাৱিকা সকলে কয় যে বনভাগ খাতা দিহজাৰী হাইস্কুলখনৰ নীতি-নিয়ম, শৈক্ষিক পৰিৱেশ, পৰিস্কাৰ পৰিচন্নতা, অভিজ্ঞ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ দ্বাৰা পাঠদান, পাঠদানৰ উপৰি খেলা ধুলা আৰু নৃত্য, গান, অভিনয় আদিৰ প্ৰশিক্ষণ, বিভিন্ন প্ৰতিযোগিতাত ছাত্র ছাত্রীসকল অংশগ্ৰহণত শিক্ষক শিক্ষয়িত্রীৰ সহায়, অভিভাৱক শিক্ষকৰ প্ৰতি মাহে পতা সভা, ছাত্র ছাত্রীৰ গৃহ পৰিদৰ্শন কৰি শিক্ষক শিক্ষয়িত্রী সকলে অভিভাৱক আৰু ছাত্র ছাত্রীৰ পঢ়া খৱৰ লোৱাকে ধৰি শিক্ষা প্ৰদানত ছাত্র ছাত্রীক শিক্ষকৰ গুৰুত্ব অন্য বিদ্যালয়ৰ তুলনাত বেলেগ বুলি অভিভাৱকসকলে জানিব দিয়ে। আনকি ছাত্ৰ -ছাত্ৰীয়ে কেতিয়াবা বিদ্যালয়ত উপস্হিত নেথাকিলে শিক্ষকৰ দ্বাৰা ফোনকৰি ছাত্ৰ ছাত্ৰী অনুপস্হিতিৰ কাৰণ অনসন্ধান কৰা পদক্ষেপসমূহ উল্লেখযোগ্য। আনকি প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংসহ ১০০% উৰ্ত্তীৰ্ণ আৰু কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে বৃত্তিপৰীক্ষাত উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈ আছে। এইখন চৰকাৰী খণ্ডৰ বিদ্যালয় য়ে প্ৰতিবছৰে গুণোৎসৱত A+গ্ৰেড লাভকৰি চৰকাৰৰ পৰা বিশেষ পুৰস্কাৰ লাভ কৰা পৰিলক্ষিত হৈছে। প্ৰধান শিক্ষক সূৰ্য কুমাৰ ৰাজবংশীৰ সহিতে বিদ্যালয় খনৰ প্ৰতিগৰাকী সহকাৰী শিক্ষক শিক্ষয়ত্ৰীৰ ভূমিকা উল্লেখনীয়। বৰ্তমানলৈ প্ৰথম শ্ৰেনীৰ পৰা দশম শ্ৰেণীলৈ ৬৪৩গৰাকী ছাত্ৰ ছাত্ৰী য়ে অধ্যয়ন কৰি আছে এইখন বিদ্যালয়ত। প্ৰধান শিক্ষক সূৰ্য কুমাৰ ৰাজবংশীয়ে জনোৱা মতে বিদ্যালয় খনত উপযুক্ত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰী আছে যদিও ছাত্র ছাত্ৰী অনুযায়ী বিদ্যালয় গৃহ আৰু শ্ৰেনী কথাৰ অভাৱ যাৰ বাবে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী নামভৰ্ত্তি ৰ পৰা বঞ্চিত হ’বলগীয়া হয়। বিদ্যালয়ত বিল্ডিঙৰ অনুদান দিবলৈ চৰকাৰলৈ আহবান জনাইছে প্ৰধান শিক্ষক গৰাকীয়ে। আটায়েতকৈ উল্লেখনীয় কথাটো হ’ল এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি সৰ্বেশ্বৰ মজুমদাৰৰ নেতৃত্বত পৰিচালনা,মাতৃগোটৰ আৰু অভিভাৱক অভিভাৱিকাৰ সহযোগ অতিকৈ প্ৰশংসনীয়।
প্ৰেৰক বীৰেন কলিতা