নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ শালপাৰা ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

🔹 কংগ্ৰেছ-বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল : ৰূপহীহাটৰ শালপাৰাত ভোটকেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ শালপাৰাত ভোটকেন্দ্ৰত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। কাজিৰঙা লোকসভা সমষ্টিৰ শালপাৰাত ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘটিত হয় এই প্ৰচণ্ড মাৰপিটৰ ঘটনা। ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত আছে পূব শালপাৰা বালিকা বিদ্যালয়ত। ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

প্ৰেৰক জহিৰুল ইছলাম

You might also like