নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’ এন জি চিৰ বিষয়াৰ দলক অপহৰণৰ ভয়ংকৰ ব্লুপ্ৰিন্ট

🔹 অপহৰণৰ ষড়যন্ত্ৰত জড়িত লাডেন এনকাউন্টাৰত গুলীবিদ্ধ

🔹 আৰক্ষীৰ জালত ইৰচাদ লটিফ

🔹 মাষ্টাৰমাইণ্ড খোদ অ’এনজিচিৰ বিষয়া তাহিৰুল হুছেইন

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : অ’ এন জি চিত কৰ্তব্যৰত এটা পাঁচজনীয়া বিষয়াৰ দলক আলফা স্বাধীনৰ এটা সশস্ত্ৰ দলে অপহৰণ কৰি নিয়াৰ এক ভয়ংকৰ ষড়যন্ত্ৰ অৱশেষত ব্যৰ্থ কৰিলে শিৱসাগৰ আৰক্ষীয়ে ৷ চলিত মাহৰ ৬ অক্টোবৰৰ সন্ধিয়া ছয় বজাৰ পৰা ছয় বাজি ত্ৰিশ মিনিটৰ ভিতৰত দুখন বিলাসী গাড়ীৰে অ’ এন জি চিৰ এটা ৰীগৰ পৰা ঘূৰি অহা বিষয়াৰ দলটোক আলফা স্বাধীনৰ সশস্ত্ৰ কেডাৰে অপহৰণ কৰাৰ ষড়যন্ত্ৰ শিৱসাগৰ আৰক্ষীয়ে কৌশলেৰে ব্যৰ্থ কৰিবলৈ সক্ষম হোৱাৰ লগতে অপহৰণৰ ষড়যন্ত্ৰত জড়িত এজনক এনকাউন্টাৰ আৰু এজনক গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ জিলাখনতে তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কালি দুপৰীয়া এক বজাৰ পৰা আজি পুৱতি নিশা পৰ্য্যন্ত চলোৱা অভিযান কালত এজনক গ্ৰেপ্তাৰ আৰু এজন প্ৰাক্তন আলফা সদস্যক এনকাউন্টাৰ কৰা সন্দৰ্ভত আজি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে ৷ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা আৰু আইন শৃংখলা বিভাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ে সম্বোধন কৰা সংবাদ মেলখনত আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই কয় যে এই ভয়ংকৰ ঘটনা পোহৰলৈ আহে চলিত মাহৰ ৫ অক্টোবৰত৷ সেইদিনা দুপৰীয়াৰ ভাগত এ এছ-০৬ ইউ-৩৪৭৪ নম্বৰৰ এখন টিয়াগো আৰু এএছ-০১ বি ডি-০৬৬৪ নম্বৰৰ এখন ইন’ভা গাড়ী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সন্দেহজনকভাৱে ঘূৰা-ফুৰা কৰি থকা প্ৰত্যক্ষ কৰে অসম আৰক্ষীৰ চোৰাংচোৱাই ৷ লগে লগে এই সম্পৰ্কত শিৱসাগৰ আৰক্ষীক অৱগত কৰাৰ পিছতেই আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ নিৰ্দেশত অসামৰিক পোছাকত এটা দলে দুয়োখন বাহনক নিৰীক্ষণ আৰম্ভ কৰে ৷ আৰক্ষীৰ দলটোৱে গাড়ীখনৰ অৱয়ব সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ক জনোৱাৰ পিছতেই উন্নত প্ৰযুক্তিৰ সহায়ত গাড়ীখনত থকা আৰোহী সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ গাড়ীখনৰ নম্বৰৰ ভিত্তিত গৰাকীৰ প্ৰকৃত নাম ইত্যাদি সমগ্ৰ বিষয়টো অনুসন্ধান কৰাৰ লগতে সম্ভাব্য কূটাঘাতৰ আশংকাত সমগ্ৰ জিলাখনতেই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে ৷ ফলত কোনোধৰণৰ কূটাঘাত সংঘটিত হোৱাৰ পৰা জিলাখন ৰক্ষা পৰাৰ লগতে দুয়োখন গাড়ীৰ চালচলন সেইদিনাৰ পৰাই স্তিমিত হৈ পৰে ৷ ইতিমধ্যে শিৱসাগৰ আৰক্ষীৰ চোৰাংচোৱা শাখাই অনুসন্ধান তীব্ৰতৰ কৰি তোলাৰ লগতে উন্নত প্ৰযুক্তিসম্পন্ন কৌশল ব্যৱহাৰ কৰি ৫ অক্টোবৰৰ দুয়োখন গাড়ীৰ সন্দেহজনক চালচলন সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ অৱশেষত পৰহি প্ৰাথমিক অনুসন্ধান শেষ কৰি পুৱতি নিশা ৫ অক্টোবৰত ইন’ভা গাড়ীৰ চালকৰ আসনত বহি থকা বাবুপট্টিৰ ইৰচাদ লটিফ ওৰফে মিঠুক আটক কৰি সোধা-পোছা কৰাৰ পিছতেই পোহৰলৈ আহে এই ভয়ংকৰ ঘটনা ৷ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই কয় যে বাবুপট্টিৰ নিবাসী ধৃত ইৰচাদ লটিফ, অ’ এন জি চিৰ বকতাস্থিত এটা ৰীগৰ সহকাৰী অভিযন্তা তাহিৰুল হুছেইন আৰু মৰাণৰ নিবাসী প্ৰাক্তন আলফা সদস্য ৰাহুল হাজৰিকা ওৰফে লাডেনে আলফা স্বাধীনৰ শীৰ্ষ নেতাৰ নিৰ্দেশত ৰচনা কৰিছিল অ’ এন জি চিৰ পাঁচ-ছয় জনীয়া এটা বিষয়াৰ দলক অপহৰণৰ পৰিকল্পনা ৷ আলফা স্বাধীনৰ হৈ অপহৰণ কাৰ্য্যৰ পৰিকল্পনা যুগুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল মৰাণৰ ৰাহুল হাজৰিকা ওৰফে লাডেন, অ’ এন জি চিৰ বিষয়া তাহিৰুল হুছেইন আৰু তাহিৰুলৰ বন্ধু ইৰচাদ লটিফ ওৰফে মিঠুক ৷ বিগত মে’ মাহতেই ৰচনা কৰা হৈছিল অ’ এন জি চিৰ বকতা নেমুগুৰিস্থিত এটা প্ৰডাকচন ৰীগৰ বিষয়াৰ দলটোক অপহৰণৰ পৰিকল্পনা ৷ সেই পৰিকল্পনাৰ ভিত্তিতেই পাঁচ অক্টোবৰৰ দিনা অ’ এন জি চিৰ সহকাৰী অভিযন্তা তাহিৰুল হুছেইনে নিজৰ টাটা টিয়াগো গাড়ীখনৰ লগতে ইৰচাদ লটিফে ইন’ভা গাড়ীৰে পূৰ্বৰে পৰা সাজু হৈ থকা অন্যতম সহযোগী ৰাহুল হাজৰিকাক লৈ গৈছিল অসম-নাগালেণ্ড সীমান্তৰ দলবাগান লেঙীবৰ অঞ্চললৈ ৷ ইয়াতে পূৰ্বৰে পৰা অপেক্ষা কৰি থকা চাৰিজনীয়া এটা সশস্ত্ৰ আলফা স্বাধীনৰ দল পৃথকে পৃথকে বহি লৈছিল উক্ত গাড়ী দুখনত ৷ ইয়াৰ পিছতেই দুপৰীয়াৰ ভাগত আহি উপস্থিত হৈছিলহি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ এই ঘাইপথতেই সশস্ত্ৰ দলটোৱে চূড়ান্ত আখৰা সম্পন্ন কৰি সকলো বাট-পথৰ প্ৰৱেশ-প্ৰস্থান সম্পৰ্কত বুজ লোৱাৰ লগতে আৰক্ষীৰ তালাচী, চালচলন সম্পৰ্কতো বুজ লৈছিল ৷ ইফালে, তাহিৰুলে মে’ মাহৰ পৰাই অ’ এন জি চিৰ বিষয়াৰ চালচলন, পদৱী, নাম, ৰীগৰ অৱস্থিতি, নিৰাপত্তা ব্যৱস্থা, বিষয়াসকল পৰিভ্ৰমণ কৰা বাহনৰ নম্বৰসহ সকলো তথ্য ৰাহুল হাজৰিকা ওৰফে লাডেনৰ যোগেদি যোগান ধৰিছিল আলফা স্বাধীনৰ দলটোক ৷ যাৰ পৰিপ্ৰেক্ষিতত ৬ অক্টোবৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৬ বাজি ৩০ মিনিটৰ ভিতৰত নেমুগুৰিৰ প্ৰডাকচন ৰীগৰ পৰা কৰ্তব্য সামৰি ওলটি অহা দলটোক অপহৰণৰ পৰিকল্পনা স্থিৰ কৰিছিল ৷ কিন্তু পাঁচ অক্টোবৰৰ পৰাই সম্ভাব্য কূটাঘাতৰ আশংকাত জিলা আৰক্ষী প্ৰশাসনে সমগ্ৰ জিলাখনতেই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাত দলটোৱে পিছদিনাৰ অপহৰণৰ পৰিকল্পনা বাতিল কৰিবলৈ বাধ্য হয় ৷ ইয়াৰ পিছতেই চাৰিজনীয়া সশস্ত্ৰ দলটোক উক্ত ইন’ভা গাড়ীৰে লেঙীবৰৰ বাকুপুখুৰী নামৰ দুৰ্গম অঞ্চলটোৰ নাতিদূৰৈত নমাই থৈ আহে ৷ সেইদিনা পৰিকল্পনাৰ অন্যতম প্ৰাক্তন আলফা সদস্য ৰাহুল হাজৰিকাই নিশাটো বাবুপট্টিৰ তাহিৰুল নামৰ নিগমৰ বিতৰ্কিত কৰ্মচাৰীগৰাকীৰ বাসগৃহতেই থাকে ৷ পিছদিনা পুৱা অৰ্থাত ৬ অক্টোবৰৰ অপহৰণৰ পৰিকল্পনা বাতিল হোৱাত ৰাহুল হাজৰিকা ওৰফে লাডেন মৰাণৰ ঘৰলৈ উভতি যায় ৷ ইতিমধ্যে পাঁচ অক্টোবৰৰ পৰাই আৰক্ষীৰ ৰাডাৰত থকা তাহিৰুল আৰু ইৰচাদ লটিফৰ ম’বাইল ফোনৰ আঁত ধৰি প্ৰকৃততে যে এক  ভয়ংকৰ পৰিকল্পনা ৰচনা হৈছিল, সেই সম্পৰ্কত বহুখিনি তথ্য অহাৰ পিছতেই অভিযানৰ বাবে সাজু হয় আৰক্ষী ৷ যিহেতু বিষয়াৰ দলটোক অপহৰণৰ বাবে নিৰ্বাচন কৰা প্ৰডাকচন ৰীগটো নেমুগুৰি আৰক্ষী থানাৰ সমীপতেই হোৱা বাবে আৰক্ষীয়ে ১১/২০২৪ নম্বৰৰ এটা গোচৰ ৰুজু কৰাৰ লগতে ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২) -১৪০(২) /৬২/৩(৫), আৰ / ডব্লিও চেকচন – ১০/ ১৩ ইউ এ পি এক্টৰ অধীনত অভিযান আৰম্ভ কৰি পুৱতি নিশাই বাবুপট্টিৰ নিজ গৃহৰ পৰা ইৰচাদ লটিফক নিজৰ জিম্মাত লয় ৷ ইয়াৰ পিছতেই একেটা অঞ্চলতেই থকা ধুৰন্ধৰ অ’ এন জি চিৰ সহকাৰী অভিযন্তা তাহিৰুলৰ বাসগৃহত অভিযান চলায় ৷ কিন্তু অভিযানৰ পূৰ্বেই বাসগৃহ এৰি পৰিয়ালসহ পলায়ন কৰিবলৈ সক্ষম হয় তাহিৰুল হুছেইনে ৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে দুয়োটা বাসগৃহৰ পৰা বহু পৰিমাণৰ আপত্তিজনক সামগ্ৰী, লেপটপ, পেন ড্ৰাইভৰ লগতে মুঠ ৬খনকৈ বিলাসী গাড়ী আৰু এখন কে টি এম বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই জানিবলৈ দিয়া মতে, এই ভয়ংকৰ অপহৰণৰ পৰিকল্পনাৰ সৈতে আৰু দুজন ব্যক্তি জড়িত হৈ আছে ৷ ইতিমধ্যে তেওঁলোকক চিনাক্ত কৰা হৈছে যদিও অনুসন্ধানৰ স্বাৰ্থত নাম প্ৰকাশৰ পৰা আৰক্ষী অধীক্ষকগৰাকী বিৰত থাকে ৷ উল্লেখ্য যে ২০২১ চনৰ শেষৰফালে অ’ এন জি চিৰ লাকুৱাস্থিত ৰোমানীয়া ৰীগ একৰ পৰা আলফাৰ এটা সশস্ত্ৰ  দলে অপহৰণ কৰি নিছিল অ’ এন জি চিৰ তিনিজনীয়া এটা বিষয়াৰ দলক ৷ সেইদিনাও আলফা স্বাধীনৰ দলটোৱে ৰীগটোৰ পৰা বিষয়াৰ দলটোক অপহৰণ কৰি লাকুৱা, মথুৰাপুৰ, দলবাগান, লেঙীবৰ, বাকুপুখুৰী হৈ নাগালেণ্ডত প্ৰৱেশ কৰি পূৰ্বৰে পৰা সাজু হৈ থকা এটা দলক গতাই দিছিল ৷ যোৱা ৬ অক্টোবৰৰ দিনাও উল্লেখিত স্থানটোলৈ নিগমৰ বিষয়াৰ দলটোক অপহৰণ কৰি নিয়াৰ পৰিকল্পনা ৰচিছিল তাহিৰুল, ইৰচাদ, ৰাহুলকে ধৰি চাৰিজনীয়া আলফা কেডাৰৰ দলটোৱে ৷ ইফালে, অন্যতম ষড়যন্ত্ৰকাৰী ৰাহুল হাজৰিকা ওৰফে লাডেন সম্পৰ্কত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, কালি নিশা নেমুগুৰি আৰক্ষী থানাৰ এটা দলে ৰাহুল ওৰফে লাডেনক মৰাণৰ পৰা আটক কৰিছিল ৷ ইয়াৰ পিছতেই নেমুগুৰিৰ উল্লেখিত ৰীগটোৰ পৰা কিদৰে অপহৰণৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছিল সেই সম্পৰ্কিত বিষয়ৰ অনুসন্ধানৰ বাবে মৰাণৰ পৰা হলগুৰি হৈ নেমুগুৰিৰ দিশে আহি থকাৰ সময়তেই আৰক্ষীৰ দলটো উঠি অহা বাহনখনত যান্ত্ৰিক বিজুতি ঘটে ৷ সেই সময়তে আন্ধাৰৰ সুযোগ লৈ ৰাহুল ওৰফে লাডেনে পলায়নৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে বাওঁভৰিত এক ৰাউণ্ড গুলী চলাবলৈ বাধ্য হয় ৷ ইয়াৰ পিছতেই আহত অৱস্থাত পুনৰ আটক কৰা ৰাহুলক নিশাই ডিমৌ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় ৷ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই এই গুলীচালনা সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰাৰ লগতে এগৰাকী আন জিলাৰ বিষয়াৰ হতুৱাই নিৰপেক্ষ তদন্ত ঘোষণা কৰাৰ কথা জানিবলৈ দিয়ে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like