নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভখুৰাদিয়াত অংগনৱাড়ী কেন্দ্ৰ মেৰামতিত ভয়ংকৰ দুৰ্নীতি

🔹 লোৰ পাইপত জোৰা লগালে গছৰ ডাল

🔹 আঁচনিৰ বিপৰীতে ঠিকাদাৰৰ লুণ্ঠন

 🔹 দুৰ্নীতিকাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ : কামৰূপৰ ছমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ অধীনস্থ আৰু ছমৰীয়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ ৪৪নং ভখুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়ত এলেকাধীন ১৮৫নং ভখুৰাদিয়া কুচকালিপাৰা অংগনৱাড়ী কেন্দ্ৰৰ গৃহ তথা আন্তঃগাঁথনি পুনঃমেৰামতিৰ কামৰ বাবে শেহতীয়াকৈ বিভাগীয়ভাৱে পঞ্চদশ বিত্তীয় আঁচনিৰ ২০২২-২০২৩ বৰ্ষৰ ২য় আঁচনিৰ অধীনত ১ লাখ ৪০ হাজাৰ টকা মোকলাই দিছিল যদিও আৰম্ভণিতে ঠিকাদাৰে দুৰ্নীতি-অনিয়মেৰে পালমৰা বিধৰ কাম কৰি ধন হৰলুকী কৰাৰ ফন্দি কৰে | কালি একাংশ সচেতন লোকে ক্ষোভিত হৈ কেন্দ্ৰটোত সদলবলে উপস্থিত হৈ কাম বন্ধ কৰাৰ লগতে কামৰ দায়িত্বত থকা পঞ্চায়তৰ সম্পাদকৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কামৰ দুৰ্নীতি-অনিয়ম সম্পৰ্কে অৱগত কৰে ৷ স্থানীয় সচেতন ৰাইজে অভিযোগ কৰা মতে, অংগনৱাড়ী কেন্দ্ৰৰ মেৰামতিৰ কাম কৰিবলৈ চৰকাৰ তথা বিভাগীয়ভাৱে পঞ্চায়তৰ জৰিয়তে প্ৰায় ১ লাখ ৪০ হাজাৰ টকা মোকলাই দিছে যদিও কেন্দ্ৰৰ চালিৰ লোৰ পাইপ, পুৰণা স্ক্ৰু, টিনপাট, ফাট মেলা দেৱাল, মজিয়াৰ লগতে টাইলছ আদিৰ কাম চৰকাৰে বান্ধি দিয়া নীতি-নিয়মৰ মাজেৰে নকৰি টিনপাট লগাবলৈ থকা পুৰণি লোৰ পাইপবোৰ চুটি হোৱাত গছৰ ডাল জোৰা দিয়েই দায়িত্ব সামৰে | স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, পুৰণা মামৰে ধৰা লোৰ পাইপ লগোৱাৰ লগতে মামৰে ধৰা পাইপত লগোৱা হোৱা নাই প্ৰাইমাৰ পৰ্যন্ত। কেইবাডালো পাইপ ভাঙি যোৱাত গছৰ ঠাল-ঠেঙুলিৰে পাইপসদৃশ বনাই জোৰা-টাপলিৰে পুৰণি স্ক্ৰু ব্যৱহাৰ কৰি অতি নিম্নমানৰ টিনপাচ লগাই প্ৰথম পৰ্যায়ৰ কাম সম্পন্ন কৰি মোটা অংকৰ ধন আত্মসাৎ কৰাৰ ফন্দি ৰচনা কৰা বুলিও অভিযোগ ৷ ইপিনে, দ্বিতীয় পৰ্যায়ৰ কাম হিচাপে মজিয়া আৰু ফাট মেলা গৃহৰ দেৱাল আৰু টাইল্ছ লগোৱা কামতো আন এক ভয়ংকৰ দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে। প্ৰাপ্ত তথ্য মতে, মজিয়া পকীকৰণৰ কামত অতি নিম্নমানৰ ইটা ব্যৱহৃত হোৱাৰ লগতে আগৰ অৰ্থাৎ পুৰণি ইটাই ব্যৱহাৰ কৰি ধন আত্মসাৎ কৰাৰ ফন্দি ৰচনা কৰাৰ উমান পাই কালি বিয়লি ভাগত স্থানীয় একাংশ সচেতন লোকে কেন্দ্ৰত উপস্থিত হৈ দুৰ্নীতি-অনিয়মেৰে চলি থকা কাম বন্ধ কৰে ৷ উল্লেখযোগ্য যে কেন্দ্ৰটোৰ আগৰ পুৰণি টিনপাটসমূহো স্থানীয় একাংশ লোকে কাকো সোধা-পোছা নকৰাকৈ নিজ ইচ্ছা মতে নি ঘৰত ৰাখিছে | ৰাইজে বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like