নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৌচালয়ৰ বাহিৰত বিষ্ঠা ত্যাগ কৰা ছাত্রৰ দেহত গৰম তেল

🔹 ছত্তিশগড়ৰ বিদ্যালয়ত শিহৰণকাৰী ঘটনা

বিশেষ বাৰ্তা, ১০ ডিচেম্বৰ : স্কুলৰ শৌচালয়ৰ বাহিৰত বিষ্ঠা ত্যাগ কৰাৰ ‘অপৰাধ’ত গৰম তেল ঢালি শিক্ষার্থীক শাস্তি দিয়াৰ অভিযোগ উঠিল ছত্তিশগড়ত৷ প্রায় ২৫ শিক্ষার্থীৰ হাতত গৰম তেল ঢালি দিয়া হৈছে বুলি অভিযোগ উঠিছে৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ প্রধান শিক্ষয়িত্রীসহ ৩গৰাকীৰ বিৰুদ্ধে এই অভিযোগ উঠিছে৷ অভিযুক্ত শিক্ষয়িত্রীকেইগৰাকীক কঠোৰ শাস্তি দিয়াৰ দাবীত বিক্ষোভ প্রদর্শন কৰে অভিভাৱকসকলে৷ বিষয়টোক লৈ তীব্র উত্তেজনাৰ সৃষ্টি হোৱাৰ লগে লগে শিক্ষা বিভাগে প্রধান শিক্ষয়িত্রী আৰু দুগৰাকী সহঃ শিক্ষয়িত্রীক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি শুকুৰবাৰে এই ঘটনা সংঘটিত হয় বিদ্যালয়খনত৷ শৌচালয়ৰ বাহিৰত বিষ্ঠা ত্যাগ কৰাৰ অভিযোগ তুলি মধ্যাহ্ণ ভোজনৰ বাবে অনা তেল গৰম কৰি শিশু শিক্ষার্থীসকলৰ হাতত ঢালি দিয়ে প্রধান শিক্ষয়িত্রী তথা সহঃ শিক্ষয়িত্রী দুগৰাকীয়ে৷ তিনিওগৰাকী শিক্ষার্থীক নিলম্বন কৰাৰ পিছতো পৰিস্থিতি উত্তপ্ত হৈ আছে৷

You might also like