নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাই-শ্বাহৰ নেতৃত্বত উজনি অসমজুৰি প্ৰৱঞ্চনাৰ ভয়ংকৰ জাল

📌 অ’ এন জি চিত গাড়ী যোগানৰ ভুৱা ৱৰ্ক অৰ্ডাৰেৰে সৰকালে তিনি কোটি টকা

📌 সৰ্বস্বান্ত শতাধিক পৰিয়াল, সম্পত্তি বিক্ৰী কৰি কানাই বাহিনীক আদায় দিছিল ধন

📌 আৰক্ষীৰ জালত কানাই-শ্বাহ, সদৰ থানা চৌহদৰ পৰা পলায়ন কানাইৰ প্ৰৱঞ্চক ভাতৃ কৃষ্ণৰ

নিয়মীয়া বাৰ্তা, ১০ জুনঃ সুদীৰ্ঘ দুটা মাহ ধৰি অ এন জি চিত ঠিকাভিত্তিক গাড়ী যোগানৰ ভুৱা নিবিদা পত্ৰৰ জৰিয়তে সমগ্ৰ উজনি অসমজুৰি তিনি কোটি টকাতকৈও অধিক ধন সৰকাবলৈ সক্ষম হোৱা নটৱৰলালখ্যাত শিৱসাগৰৰ কানাই মণ্ডল অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল ৷ তিনিচুকীয়া জিলা আৰক্ষীৰ তথ্যৰ ভিত্তিত প্ৰায় চাৰি ঘণ্টাজোৰা অভিযানৰ অন্তত কুখ্যাত প্ৰৱঞ্চকটোক আৰক্ষীয়ে ফুকন নগৰৰ এটা ভাড়াঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ ইফালে প্ৰৱঞ্চক কানাই মণ্ডলক গ্ৰেপ্তাৰৰ পিছতেই সদৰ থানা চৌহদত উপস্থিত হোৱা কানাইৰ প্ৰৱঞ্চক ভাতৃ কৃষ্ণ মণ্ডলে সাংবাদিকৰ কেমেৰা দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ শিৱসাগৰ আৰক্ষীয়ে কানাইৰ প্ৰৱঞ্চনা চক্ৰটোৰ অন্যতম বিশ্বস্ত সহযোগী শ্বাহ নামৰ প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰৰ পিছতেই শিৱসাগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় শ্বাহৰ বছখ্যাত কানাই মণ্ডলক ৷ জানিব পৰা মতে, শিৱসাগৰৰ কানাই আৰু তিনিচুকীয়াৰ শ্বাহে বিগত দুটা মাহ ধৰি উজনিৰ একাংশ ধনৱান পৰিয়ালক নিজা এজেন্টৰ যোগেদি অ এন জি চিত ঠিকাভিত্তিক গাড়ী যোগানৰ ৱৰ্ক অৰ্ডাৰ দিয়াৰ কথা কৈছিল ৷ পেছাত লেবৰেটৰী টেকনিচিয়ান হিচাপে পৰিচিত কানাই আছিল অএনজিচিৰ অন্তঃভাগত প্ৰৱেশ কৰিব পৰা এজন ব্যক্তি ৷ অএনজিচিৰ চিকিৎসালয়ত প্ৰয়োজন হোৱা চিকিৎসা সম্বন্ধীয় যন্ত্ৰপাতি সংস্থাপনৰ কামত নিয়োজিত কানাইয়ে সহজেই প্ৰৱেশ কৰিব পাৰে অ এন জি চিৰ যিকোনো স্থানত ৷ সেই সুবাদতেই সকলো তথ্য জ্ঞাত হৈ কানাইয়ে তিনিচুকীয়াৰ শ্বাহৰ সৈতে মিলি উজনি অসমজুৰি পেলাইছিল প্ৰৱঞ্চনাৰ জালখন ৷ পেছাগতভাৱে নটৱৰলালৰ জালিয়াতিকো চেৰ পেলাবলৈ সক্ষম হোৱা কানাই কোনো ব্যক্তিৰ সৈতে সততে মবাইল ফোনত গাড়ী যোগান অথবা ধনৰ লেনদেন সম্পৰ্কীয় কোনো কথা নাপাতে ৷ প্ৰমাণ নাৰাখিবৰ বাবে অত্যন্ত চতুৰ কানাইয়ে চিকাৰৰ ওচৰলৈ নিজৰ ভাতৃ কৃষ্ণ মণ্ডলক প্ৰেৰণ কৰে ৷ কৃষ্ণৰ মবাইলতহে কানাইয়ে উক্ত ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে নিগমৰ ঠিকাভিত্তিক গাড়ী যোগানৰ ৱৰ্ক অৰ্ডাৰৰ দৰ নিৰ্ধাৰণ কৰে ৷ কানাই-শ্বাহৰ হাতত সৰ্বস্বান্ত পৰিয়ালে জানিবলৈ দিয়া মতে অ এন জি চিত তিনি বছৰীয়া ঠিকাভিত্তিক গাড়ী যোগানৰ ৱৰ্ক অৰ্ডাৰ প্ৰদানৰ নামত গাইপতি তিনি লাখকৈ টকা সংগ্ৰহ কৰে ৷ উজনি অসমৰ তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, লক্ষীমপুৰৰ মুঠ এশজনতকৈও অধিক ব্যক্তিৰ পৰা তিনি লাখকৈ মুঠ তিনি কোটি টকাতকৈও অধিক টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ সাইলাখ অ এন জি চিৰ লজিষ্টিক বিভাগে গাড়ী যোগানৰ নিবিদাৰ অন্তত বৈধ নিবিদাকাৰীক প্ৰদান কৰা ৱৰ্ক অৰ্ডাৰৰ দৰে আছিল প্ৰতিখন ৱৰ্ক অৰ্ডাৰ ৷ একাংশ ধনৱান, শিক্ষিত পৰিয়ালে তিনি লাখ টকাৰ বিনিময়ত সংগ্ৰহ কৰা কানাই বাহিনীৰ ৱৰ্ক অৰ্ডাৰখন সন্দৰ্ভত নিগমৰ সৈতে কোনো এটা পৰিয়ালে সত্যাসত্য সন্দৰ্ভত যোগাযোগ অথবা পৰীক্ষা নকৰিলে ৷ বিশেষকৈ উক্ত ৱৰ্ক অৰ্ডাৰত গ্ৰামাৰৰ ভুল থকাৰ পিছতো উক্ত পৰিয়ালসমুহে ৱৰ্ক অৰ্ডা খন যে ভুৱা, সেয়াও ঠাৱৰ কৰিব নোৱাৰিলে ৷ আনহাতে অ এন জি চিয়ে বাতৰি কাকতযোগে এনে কোনো যান-বাহনৰ নিবিদা সন্দৰ্ভত বিজ্ঞাপন নিদিয়াৰ পিছতো এই ভুৱা নিবিদা বেংকত দাখিল কৰি অৰ্শধতাধিক পৰিয়ালে বেংকৰ ঋণেৰে ক্ৰয় কৰিলে ইনভা ক্ৰীষ্টা, বলেৰ আদিৰ দৰে বিলাসী গাড়ী ৷ আন নালাগে, তিনিচুকীয়াৰ এটা পৰিয়ালে কানাইক ১২ লাখ টকা আদায় দি ৪খনকৈ ৱৰ্ক অৰ্ডাৰ লাভ কৰাৰ পিছত নিজৰ ঘৰ-মাটি বন্ধকত দি ৪ খনকৈ বিলাসী গাড়ী ক্ৰয় কৰি এতি মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷  বেংকৰ ঋণেৰে গাড়ী ক্ৰয় কৰা পৰিয়ালসমুহে দীৰ্ঘ সময় ধৰি অ এন জি চিৰ ঠিকাভিত্তিক কামত গাড়ী যোগান ধৰিবলৈ সক্ষম নোহোৱাৰ পিছতেই নিগমৰ বিষয়াৰ সৈতে যোগাযোগ কৰাত পোহৰলৈ আহে কানাই বাহিনীৰ প্ৰৱঞ্চনাৰ জালখন ৷ লগে লগেই এই সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীক যোগাযোগ কৰাত আৰক্ষীয়ে শ্বাহক আটক কৰাৰ পিছতেই শ্বাহৰ ভাষ্যৰ ভিত্তিত বহু প্ৰচেষ্টাৰ অন্তত ফুকন নগৰৰ দিখৌ মথাউৰিৰ কাষৰ এটা পৰিয়ালৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত কানাই মণ্ডলক আটক কৰিবলৈ সক্ষম হয় ৷ স্মৰ্তব্য যে কানাই মণ্ডলক আটকৰ খবৰ পাই সদৰ থানাত প্ৰৱঞ্চক কানাইক এবাৰ চাবৰ বাবে উপস্থিত হৈছিলহি এটা পৰিয়াল ৷ সেই সময়তে কানাইৰ প্ৰৱঞ্চক ভাতৃ কৃষ্ণ মণ্ডলো উপস্থিত আছিল সদৰ থানা চৌহদত ৷ উক্ত পৰিয়ালটোৱে কানাইৰ প্ৰৱঞ্চক ভাতৃ কৃষ্ণও এই চক্ৰটোৰ অন্যতম সহযোগী বুলি সাংবাদিকক আঙুলিয়াই দিয়াৰ পিছতেই সাংবাদিকে এই সম্পৰ্কত কৃষ্ণ মণ্ডলক সোধা-পোছা কৰাত তীব্ৰ বেগেৰে থানা চৌহদৰ পৰা পলায়ন কৰে তৃতীয়টো প্ৰৱঞ্চক কৃষ্ণ মণ্ডলে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like