নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিলৰ সংগয়ো হাঁহি বিৰিঙাব নোৱাৰিলে গৌৰৱৰ মুখত

🔹 ১০০-১৫০ মানুহেৰে শিৱসাগৰৰ ভিন্ন প্ৰান্তত গৌৰৱ গগৈৰ নিৰ্বাচনী সভা

বিশেষ বাৰ্তা, ১ এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত গৌৰৱ গগৈৰ পৰা আঁতৰি থকাৰ কথাটো সৰৱ চৰ্চা হোৱাৰ পিছত আজি হঠাৎ নিৰ্বাচনী প্ৰচাৰ সভাত আৱিৰ্ভাৱ ঘটিল অখিল গগৈৰ। অখিলে আজি নিৰ্বাচনী প্ৰচাৰত সংগ দিয়াৰ পিছতো গৌৰৱ গগৈৰ সভাত ৰাইজৰ উপস্থিতি আছিল তেনেই কম। কিয়নো আজি গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা অখিলৰ প্ৰভাৱ থকা খেলুৱা ব্লকৰ প্ৰতিখন সভাতে মানুহৰ উপস্থিতি আছিল মাত্ৰ ১০০ৰ পৰা ১৫০জন। অখিলৰ অন্যতম দুৰ্গ বেতবাৰীৰ ৰঞ্জিত গগৈৰ বাসগৃহত অনুষ্ঠিত প্ৰথমখন নিৰ্বাচনী সভাতো ৰাইজৰ উপস্থিতি আশাপ্ৰদ নাছিল। খোদ অখিল গগৈ উপস্থিত থকা গৌৰৱ গগৈৰ সভাত মানুহ আছিল মাত্ৰ ১০০ৰ পৰা ১৩০জন। অখিল গগৈৰ আন এক দুৰ্গ খেলুৱাতো ৰাইজৰ উপস্থিতি আছিল নগণ্য। খেলুৱা ব্লক তিনিআলিৰ সভাতো মানুহৰ উপস্থিতি আছিল মাত্ৰ ১০০ৰ পৰা ১২০জন। একেদৰে চুণপোৰা তিনিআলিৰ সভাতো ৰাইজৰ সঁহাৰি সন্তোষজনক নাছিল। প্ৰায় ১০০গৰাকী লোকৰ উপস্থিতিত অনুষ্ঠিত কৰে সভা। একেদৰে দিনৰ ১.৩৫ বজাত অখিল গগৈ উপস্থিত থকা দেওধাই ৰংগমঞ্চৰ সভাতো মানুহ আছিল মাত্ৰ ১৫০ৰ পৰা ১৭০জন। এই সভাসমূহৰ পৰা এটা কথাই স্পষ্ট হৈছে যে বিধায়ক হৈ থকাৰ পাছতো শিৱসাগৰৰ ভিন্ন স্থানত ক্ৰমাৎ গ্ৰহণযোগ্যতা কমি আহিছে অখিল গগৈৰ!

You might also like