নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে অভিনেতা গোবিন্দই

🔹 শিন্দে শিৱসেনাৰ হৈ চলাব প্রচাৰ

বিশেষ বাৰ্তা, ১ এপ্ৰিল : ১৪ বছৰৰ মূৰকত সক্রিয় ৰাজনীতিত পদার্পণ কৰি মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনাত যোৱা ২৮ মার্চত আনুষ্ঠানিকভাৱে যোগদান কৰা বলীউডৰ অভিনেতা গোবিন্দই এইবাৰ লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা নাই৷ লোকসভা নির্বাচনত দলটোৱে প্রার্থী হিচাপে গোবিন্দক প্রক্ষেপ কৰিব বিচাৰিছে যদিও তথ্য মতে অভিনেতাজনে এইক্ষেত্রত ইচ্ছা প্রকাশ কৰা নাই৷ এক সূত্রই প্রকাশ কৰা মতে, অভিনেতা–ৰাজনীতিক গোবিন্দই শিন্দে নেতৃত্বাধীন শিৱসেনাৰ হৈ মহাৰাষ্ট্রত নির্বাচনী প্রচাৰ চলাব৷ ’৯০ৰ দশকৰ অতি জনপ্রিয় অভিনেতা গোবিন্দই ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে সক্রিয় ৰাজনীতিত জড়িত হৈ আছিল৷ ১৪ বছৰ বনবাসৰ পাছত পুনৰ ৰাজনীতিত পদার্পণ কৰা গোবিন্দৰ পৰৱর্তী ৰাজনৈতিক কেৰিয়াৰ কিদৰে আগবাঢ়িব, সেয়া চর্চিত হৈছে৷

You might also like