🔹 গোপন ভিডিঅ’ ভাইৰেলক লৈ কেকুঁৰিত তীব্ৰ প্ৰতিক্ৰিয়া
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : ঢকুৱাখনা উপ-জিলাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেকুঁৰি বেবেজীয়া অঞ্চলৰ সাধাৰণ লোকৰ আনকি একাংশ কম বয়সীয়া লোকৰ মাজতো ম’বাইলে ম’বাইলে বিয়পি পৰা এটা অশ্লীল ভিডিঅ’ই প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে অঞ্চলটোত যে অনৈতিক কাৰ্যকলাপ দ্ৰুতগতিত বৃদ্ধি পাইছে, তাকেই পুনৰ প্ৰতীয়মান কৰাত শংকিত হৈছে সচেতন মহল ৷ জানিব পৰা মতে, কেঁকুৰি অঞ্চলৰ এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানত কৰ্মৰত তৃতীয় বৰ্গৰ চুতীয়া উপাধিৰ এগৰাকী কৰ্মচাৰীয়ে দীৰ্ঘদিনে একাধিক পৰপত্নী আৰু বিধৱা মহিলাৰে অবৈধ সম্পৰ্ক গঢ়ি বহু পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰ কৰি অহাৰ পিছতো সামাজিকভাৱে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত উক্ত ব্যক্তিগৰাকীয়ে পুনৰ এগৰাকী বিধৱা মহিলাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি গোপন অভিসাৰত লিপ্ত থকা সময়ৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কাৰ্যই বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে যদিও কোনেও প্ৰকাশ্যে প্ৰতিবাদ কৰিবলৈ সাহস কৰা নাই ৷ নিজৰ পত্নী, পো-বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীৰে এখন সুখৰ সংসাৰ থকাৰ পিছতো একাধিক মহিলাৰে অবৈধ সম্পৰ্ক ৰাখি একাধিক পৰিয়ালৰ জীৱন বিপদাপন্ন কৰি অহাৰ লগতে অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি অহা চুতীয়াই শেহতীয়াকৈ এগৰাকী জী-জোঁৱাই থকা তিনিটা সন্তানৰ মাতৃ তথা বিধৱা মহিলাৰ লগত গঢ়ি তোলা অবৈধ সম্পৰ্ক আৰু গোপন অভিসাৰৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজতো আতংকৰ সৃষ্টি হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই ক্ষেত্ৰত সমগ্ৰ বিষয়টো বিদ্যালয়কেন্দ্ৰিক নহয় বাবেই বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিয়ে কোনোধৰণৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু সামাজিকভাৱেও কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যদিও এটা অশ্লীল ভিডিঅ’ ভাইৰেল কৰি সমাজৰ লগতে উঠি অহা প্ৰজন্মকো বিপথে পৰিচালিত কৰা ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ঢকুৱাখনা উপ-জিলাৰ উপ-আয়ুক্তগৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপৰো দাবী জনাইছে অঞ্চলৰ সচেতন মহলৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে ৷ এই ক্ষেত্ৰত ঢকুৱাখনাৰ উপ-জিলা প্ৰশাসনে প্ৰায় ৫৮ বছৰীয়া এগৰাকী চৰকাৰী কৰ্মচাৰীৰ নিজৰ বিকৃত মানসিকতা চৰিতাৰ্থ কৰাৰ বাবেই হওক কিম্বা অন্য কোনো উদ্দেশ্য পূৰণৰ বাবেই হওক, এনে অশ্লীল ভিডিঅ’ ভাইৰেল কৰি সমাজ আৰু উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰিব বিচৰা লোকৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় বিষয় হিচাপেই পৰিগণিত হৈছে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি