নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী বণ্ড অসাংবিধানিক

🔹 লোকসভা নির্বাচনৰ পূর্বে উচ্চতম ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়

বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰী : সমাগত লোকসভা নির্বাচনৰ পূর্বে নির্বাচনী বণ্ড আঁচনিক লৈ যুগান্তকাৰী ৰায় উচ্চতম ন্যায়ালয়ৰ৷ সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে ৰাজনৈতিক দলসমূহে ক্রয় কৰা নির্বাচনী বণ্ড আঁচনি অসাংবিধানিক হিচাপে ঘোষণা কৰে৷ পাঁচজনীয়া বিচাৰপীঠৰ ৰায় নির্বাচনী বণ্ড প্রক্রিয়া হৈছে ক’লা ধন বৈধ কৰাৰ এক প্রক্রিয়া৷ এই আঁচনিয়ে তথ্য জনাৰ অধিকাৰ আইন উলংঘন কৰে৷ ৰাজনৈতিক দলসমূহে অজ্ঞাত ব্যক্তিৰ পৰা দান–বৰঙণি সংগ্রহৰ অনুমতি প্রদান কৰা নির্বাচনী বণ্ডৰ আইনী বৈধতাক লৈ দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্রহণ কৰি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে নির্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দিয়ে৷ এই অসাংবিধানিক নির্বাচনী বণ্ড বিক্রী শীঘ্রে ভাৰতীয় ষ্টেট বেংক, চমুকৈ এছবিআইক বন্ধ কৰিবলৈ নির্দেশ দিয়ে৷ তদুপৰি বিচাৰপীঠে ২০১৯ চনৰ ১২ এপ্রিলৰ পৰা এছবিআয়ে বিক্রী কৰা এই নির্বাচনী বণ্ডৰ বিতং তথ্য নির্বাচন আয়োগক দাখিল কৰিবলৈও নির্দেশ দিয়ে৷ আবেদনৰ শুনানি গ্রহণ কৰি বিগত বর্ষৰ ২ নৱেম্বৰত নির্বাচনী বণ্ডক লৈ ৰায় সংৰক্ষিত কৰাৰ পাছত কালি এই যুগান্তকাৰী ৰায়দান কৰা হয়৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে কয়– দুটা পৃথক ৰায়দান আছে৷ ইয়াৰে এটা মোৰ দ্বাৰা আৰু আনটো ন্যায়াধীশ সঞ্জীৱ খান্নাৰ দ্বাৰা৷ দুয়োটা ৰায়দানেই সর্বসন্মত৷ এই সর্বসন্মত সিদ্ধান্ত অনুসৰি নির্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দিয়া হৈছে৷ পাঁচজনীয়া বিচাৰপীঠৰ মুখ্য ন্যায়াধীশ চন্দ্রচূড়, ন্যায়াধীশ সঞ্জীৱ খান্না, ডি আৰ গাৱাই, জে পি পর্দিৱালা আৰু মনোজ মিশ্র আছে৷ পাঁচজনীয়া বিচাৰপীঠে যোৱা বর্ষৰ ৩১ অক্টোবৰৰ পৰা নির্বাচনী বণ্ডৰ বৈধতাক লৈ দাখিল কৰা চাৰিখন আবেদনৰ শুনানি গ্রহণ কৰিছিল৷ শুনানিৰ অন্তত বিগত বর্ষৰ ২ নৱেম্বৰত এই আবেদনৰ ৰায় সংৰক্ষিত কৰি ৰাখিছিল৷ মন কৰিবলগীয়া যে নির্বাচনী বণ্ডৰ বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল কংগ্রেছ নেতা জয়া ঠাকুৰ, চিপিআই(এম), এনজিঅ’ এডিআৰ আদিয়ে৷ ৰায় প্রদান কৰি মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কয় যে সংবিধানৰ অনুচ্ছেদ ১৯ (১) (ক)ৰ অধীনত এই আঁচনিয়ে বাক স্বাধীনতা আৰু অধিকাৰ খর্ব কৰে৷ নির্বাচনী বণ্ড হৈছে কোনো ভাৰতীয় নাগৰিক অথবা ৰাজনৈতিক দলে বেংকৰ পৰা ক্রয় কৰিব পৰা এক প্রক্রিয়া৷ ব্যক্তিগতভাৱে নির্বাচনী বণ্ড ক্রয় কৰাৰ উপৰি যুটীয়াভাৱেও এই বণ্ড ক্রয় কৰিব পাৰে৷ তেনেদৰে ১ শতাংশতকৈ কম ভোট পোৱা দলৰ বাহিৰে জনপ্রতিনিধি আইন ১৯৫১ৰ অনুচ্ছেদ ২৯ (এ)ৰ অধীনত পঞ্জীয়নভুক্ত ৰাজনৈতিক দলে এই নির্বাচনী বণ্ড ক্রয় কৰিব পাৰে৷ ৰাজনৈতিক দলসমূহৰ বাবে কোনো ব্যক্তিয়ে ক্রয় কৰা এই নির্বাচনী বণ্ডৰ ক্ষেত্রত নাম উল্লেখ নকৰাকৈ থাকিব পাৰে৷ অর্থাৎ অজ্ঞাত ব্যক্তিয়েও বেংকৰ পৰা বিশেষকৈ এছবিআইৰ পৰা নির্বাচনী বণ্ড ক্রয় কৰিব পাৰে৷ এই বহুচর্চিত নির্বাচনী বণ্ড প্রক্রিয়া কোনো কাৰণতে স্বচ্ছ নহয় বুলি স্পষ্টকৈ উল্লেখ কৰি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই প্রক্রিয়াৰ জৰিয়তে ক’লা ধনক বৈধ কৰা হয় বুলি মত ব্যক্ত কৰে৷

You might also like