নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ শেষ, পানী-কাৰেণ্টৰ বাবে হাহাকাৰ ভোলানাথ কলেজৰ ছাত্ৰী নিৱাসত!

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ বিভাগীয় বিদ্যুতৰ লাইন আছে, কিন্তু নাই স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ। ফলত এক অঘোষিত বন্ধ সদৃশ পৰিৱেশ ছোৱালীৰ ছাত্ৰীবাস। এই নাভূত-নাশ্ৰুত ঘটনা নামনি অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ। মহাবিদ্যালয়খনৰ ডঃ ফণীভূষণ ৰয় মেমোৰিয়াল গাৰ্লচ হোষ্টেলৰ স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ শেষ হোৱাৰ পিছত মহাবিদ্যালয় কৰ্তৃপক্ষই কৰা নাই ৰিজাৰ্চ। ফলত ছাত্ৰীবাসটোত নাই কাৰেন্ট। এই কথা সদৰি কৰিছে স্বয়ং মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি বিবেক প্ৰসাদে। ইফালে কাৰেন্ট নথকাৰ ফলত চলা নাই পানীৰ পাম্প আৰু ফলত ছাত্ৰীবাসটোৰ টেংকিত নাই পানী। ইপিনে বিহুৰ বন্ধু নিজ নিজ গৃহলৈ যোৱা কেইবাগৰাকী ছাত্ৰী আজি আহি ছাত্ৰীবাসটোত বিদ্যুৎ, পানী নথকাৰ ফলত পুনৰ উভতি যাবলগীয়া হৈছে নিজৰ নিজৰ গৃহলৈ। ফলত স্বাভাবিক ভাবেই প্ৰশ্ন উত্থাপিত হৈছে থাকিবলৈ নিয়মীয়াকৈ ধাৰ্য কৰা ধন দি থকাৰ পিছতো যথাসময়ত স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰা কিয় নহল বুলিও।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like