নিয়মীয়া বাৰ্তা, ১ আগষ্ট : শিৱসাগৰ জিলাৰ আমগুৰিৰ দোপদৰ মৌজাৰ গ্ৰাম্যাঞ্চলৰ মাজেদি যোৱা বৰশয়ক ডিব্ৰুৱাল, বছাশয়ক ডিব্ৰুৱাল, মাজবাৰী, বাউলীপুখুৰী কৈৱৰ্ত, শেনচোৱা আদি গাঁৱৰ পৰা বৰছিলালৈকে সংযোগী পথটোৰ ওপৰত কোনো ৰে’লৱে লেভেল ক্ৰছিং অথবা অভাৰব্ৰীজ নথকাৰ ফলত মৌজাটোৰ এক বৃহৎ অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগাত পৰিছে। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰীসকলে যান-বাহন আদি ৰে’লপথ পাৰ কৰা, ব্যৱসায়ীসকলে সামগ্ৰী সৰবৰাহ কৰা, কৃষকসকলে কৃষিকাৰ্যৰ সামগ্ৰী আদি পাৰ কৰাৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে। এই দীৰ্ঘদিনীয়া সমস্যাৰ সন্মুখীন হৈ অহা অঞ্চলটোৰ ৰাইজে নামতি আলি আৰু মেহগড় আলিৰ মাজৰ এই সদাব্যস্ত পথটোত ৪০৪ কিলোমিটাৰত এটা ৰে’লৱে লেভেল ক্ৰছিং অথবা অভাৰব্ৰীজ স্থাপন কৰাৰ বাবে দাবী জনাই আহিছে। এই সন্দৰ্ভত ২০১৫ চনৰ ১২ জুলাইত বছাশয়ক নামঘৰত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পুলিন খনিকৰৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত গ্ৰহণ কৰা প্ৰস্তাৱসহ এক আবেদন পত্ৰ উত্তৰ-পূব সীমান্ত ৰে’ল সংমণ্ডলৰ ৰে’ল প্ৰবন্ধকলৈ প্ৰেৰণ কৰা হয়। প্ৰবন্ধকে এই আবেদনৰ প্ৰতি সঁহাৰি জনাই ডব্লিউ/২১৮/১/টি এচ কে/ডব্লিউ-৬ নম্বৰৰ এক পত্ৰ শিৱসাগৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছিল। তদুপৰি ডব্লিউ/২১৮/০/কমপ্লেইণ্ট/পিটি VII/ টিকে নম্বৰৰ এক পত্ৰ মুখ্য ৰে’লপথ অভিযন্তাই নতুন দিল্লীস্থ উপ-সঞ্চালকলৈ প্ৰেৰণ কৰিছিল। ইমানৰ পাছতো ৰে’ল বিভাগে অদ্যাপি কোনো ব্যৱস্থা হাতত নোলোৱাত ৰাইজে ১৮-০৬-২০১৬ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈও প্ৰস্তাৱসহ আবেদন প্ৰেৰণ কৰে। কিন্তু ৰাইজৰ সমস্যালৈ পিঠি দি ৰে’ল বিভাগে হঠাৎ কালি ৰে’ল ক্ৰছিংটো সম্পূৰ্ণ ৰূপে বন্ধহে কৰি দিয়ে। ফলত ৰে’লপথটো খোজকাঢ়িও পাৰ হ’ব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়। দীৰ্ঘদিন ধৰি অঞ্চলটোৰ জনতাই ভুগি অহা অসুবিধাৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে ক্ৰছিংটো বন্ধ কৰি দিয়াত ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি শীঘ্ৰে ৰাইজৰ দাবী পূৰণ কৰিবলৈ ভুক্তভোগী ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে।
প্ৰেৰক দেৱানন্দ কলিতা