নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাৰ নামত ধনদাবী কৰি দিছপুৰ থানাত ৩ অভিযুক্ত

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰ : আলফাৰ নামত ধনদাবী কৰি আৰক্ষীৰ হাতত আটক হৈছে তিনি ব্যক্তি। বৰ্তমান দিছপুৰ থানাৰ লকআপত ৩ অভিযুক্ত। উল্লেখ্য যে ৬ ছেপ্টেম্বৰৰ নিশা ফোনযোগে ৩ অভিযুক্তই ধনদাবী কৰিছিল । ধৃত কেউজনে অ’ডি বাহনৰ মূল্য বিচাৰি এই ধনদাবীৰ ঘটনা সংঘটিত কৰিছিল। এই ধনদাবীৰ ঘটনাত অভিযুক্ত গৌতম তালুকদাৰ, বিকি থাপা আৰু তপন তালুকদাৰ নামৰ তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁলোকে শনিবাৰৰ ভিতৰত ন্যূনতম ৫ লাখ টকা দিবলৈ দাবী কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত গৌতম তালুকদাৰক লৈ অভিযান অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰৰ পূৰ্বে গৌতম তালুকদাৰে নিজৰ ফোনটো হাবিলৈ দলিয়াই দিছিল। এই ফোনটোৰেই আলফাৰ নামত জনৈক ভাগৱতীক ধনদাবী কৰিছিল বুলি জানিব পৰা গৈছে। ধনদাবী কৰাসকলক দিবলৈ ভুক্তভোগীয়ে ৫ লাখ টকাৰ সলনি হাতত লৈ আহিছিল মন পছন্দৰ এটা ধূপৰ বাণ্ডিল।

You might also like